NORTHEAST NOW (Assamese)

মৰিয়নীত নাম-কীৰ্তনৰ প্ৰসাদ খাই অসুস্থ ১৫০ গৰাকী ভক্ত

August 28, 2023 4:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 28, 2023 3:36 pm

যোৰহাট জিলাৰ মৰিয়নীত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত ‘প্ৰসাদ’ সেৱন কৰি কমেও ১৫০ জন ভক্ত অসুস্থ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, আটাইকেইজন অসুস্থ ব্যক্তিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লাভ কৰা তথ্য অনুসৰি মৰিয়নীৰ নকছাৰী অঞ্চলত অনুষ্ঠিত হোৱা ‘নাম কীৰ্তন’ত মহিলা আৰু শিশুকে ধৰি কেইবাজনো লোকে এই ‘প্ৰসাদ’ সেৱন কৰিছিল।

‘প্ৰসাদ’ সেৱন কৰি প্ৰায় ১৫০ জন লোক অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত ততাতৈয়াকৈ অসুস্থ ব্যক্তিসকলক নকছাৰী মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও পিছত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

সূত্ৰসমূহে জনোৱা মতে, ‘প্ৰসাদ’ প্ৰস্তুতৰ বাবে ফল-মূল আৰু বুট-মগু একেটা নকছাৰীৰ মন্টু আগৰৱালাৰ দোকানৰ পৰা ক্ৰয় কৰা হৈছিল।

Related News