NORTHEAST NOW (Assamese)

কিহৰ চাপ! মেট্ৰিকৰ ফলাফল বেয়া হোৱাৰ পিছতে চৰম সিদ্ধান্ত ল’লে কিশোৰীয়ে

April 21, 2024 2:33 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

কালি ৰাজ্যত ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই অসমৰ বাক্সা জিলাৰ এগৰাকী কিশোৰীয়ে গ্ৰহণ কৰিছে আত্মহননৰ দৰে চৰম পন্থা।

জিলাখনৰ  শালবাৰী অঞ্চলৰ মইৰাঝাৰত সংঘটিত হৈছে এই ঘটনা। কীটনাশক পাণ কৰি কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, পৰীক্ষাত কৃতকাৰ্য নোহোৱাৰ পিছতে ভাগি পৰে ১৬ বৰ্ষীয় কিশোৰীগৰাকী আৰু কীটনাশক সেৱন কৰে।

ততাতৈয়াকৈ কিশোৰীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা খয় যদিও তেওঁৰ প্ৰণৰক্ষা সম্ভৱ নহ’ল আৰু আৰু বিষক্ৰিয়াৰ ফলত তেওঁৰ মৃত্যু হয়।

কিশোৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। শোকত ভাগি পৰিছে কিশোৰীগৰাকীৰ পৰিয়াল।

Related News