NORTHEAST NOW (Assamese)

হিমাচল প্ৰদেশত সন্ধানহীন ১৭ জন ট্ৰেকাৰ

October 21, 2021 12:48 pm · এন ই নাও নিউজ, গুৱাহাটী

হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাত ১৭ জন ট্ৰেকাৰ সন্ধানহীন হৈছে।

ট্ৰেকাৰসকলে ১৪ অক্টোবৰত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ওচৰৰ হৰ্ষিলৰ পৰা হিমাচল প্ৰদেশৰ কিন্নৌৰৰ চিটকুললৈ ৰাওনা হৈছিল।

কিন্তু ১৭ ৰ পৰা ১৯ অক্টোবৰলৈ লামখাগা পাছত প্ৰতিকূল বতৰৰ সময়ত তেওঁলোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।

লামখাগা পাছ হৈছে আটাইতকৈ কঠিন পাছ, যি কিন্নৌৰ জিলাক উত্তৰাখণ্ডৰ হৰ্ষিলৰ সৈতে সংযোগ কৰে।

এই সন্দৰ্ভত কিন্নৌৰৰ উপায়ুক্ত আবিদ হুছেইন চাদিকে কয় যে আৰক্ষী, বন বিভাগৰ দল আৰু এটা দ্ৰুত সঁহাৰি দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।

বিষয়াজনে লগতে কয় যে ট্ৰেকাৰ সকলৰ সন্ধানৰ বাবে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ সহায়ও বিচৰা হৈছে।

বৃহস্পতিবাৰে পুৱতি নিশা অনুসন্ধান অভিযান আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

Related News