NORTHEAST NOW (Assamese)

১৮০০ৰ দিশে অসমত ক’ভিড আৰোগ্য, আৰু ২০০জনক চিকিৎসালয়ৰ পৰা মুকলি

June 13, 2020 5:14 pm · এন ই নাও নিউজ

আৰু ২০০গৰাকী ব্যক্তিয়ে শনিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

এইসকলক ধৰি অসমত মুঠ আৰোগ্য ব্যক্তি ১৭৮৪লৈ বৃদ্ধি পাইছে।

অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা এইসকলক লোকক যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নমুনা পৰীক্ষাত নিগেটিভ ওলোৱাৰ পিছত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

শনিবাৰৰ দিনটোত এইপৰ্য্যন্ত ২০০গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

এইসকলক লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে অসমত বৰ্তমান সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১৯২৩গৰাকী।

অসমত চিনাক্ত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩৭১৮গৰাকী।

আঠগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু তিনিগৰাকীক স্থানান্তৰিত কৰা হৈছে।

Related News