NORTHEAST NOW (Assamese)

আইফোন কিনি দিব নোৱাৰিলে অট’ৱালা পিতৃয়ে! চৰম সিদ্ধান্ত ১৮ বছৰীয়া কন্যাৰ

December 29, 2025 5:06 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ ঝান্সীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। এটা আইফোন কিনি দিব নোৱাৰাৰ বাবে ১৮ বছৰীয়া এগৰাকী কিশোৰীয়ে আত্মহত্যাৰ পথ বাচি লৈছে।

মৃত কিশোৰীগৰাকী জালৌন জিলাৰ কুচমালিয়া গাঁৱৰ তুলসীৰাম ৰাজপুতৰ কনিষ্ঠ কন্যা মায়া ৰাজপুত বুলি চিনাক্ত কৰা হৈছে। একাদশ শ্ৰেণীৰ ছাত্ৰী মায়াৰ পুৰণি মোবাইল ফোনটো ভাঙি যোৱাৰ পিছত তেওঁ যোৱা কেইবাদিনো ধৰি দেউতাকক এটা এপল ফোন কিনি দিবলৈ জোৰ দি আছিল।

অটো-ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰা দেউতাকে আৰ্থিক দুৰৱস্থাৰ কথা বুজাই কোৱা সত্ত্বেও কিশোৰীগৰাকীয়ে নিজৰ জেদত অটল আছিল।

জানিব পৰা মতে, ইয়াৰ পূৰ্বে তেওঁ ডেৰ লাখ টকাৰ সোণৰ কাণফুলি বিচাৰিছিল আৰু সেই বিষয়টো সমাধান নহওঁতেই ৫০ হাজাৰ টকীয়া আইফোনৰ বাবে দাবী আৰম্ভ কৰিছিল। দেউতাকে মটৰ মাহৰ খেতি চপোৱাৰ পিছত ফোনটো কিনি দিয়াৰ আশ্বাস দিছিল যদিও মায়াই দুই দিনৰ ভিতৰতে ফোনটো বিচাৰিছিল।

শনিবাৰে ঘৰত কোনো নথকাৰ সুযোগত তেওঁ বিষপান কৰে আৰু সংকটজনক অৱস্থাত তেওঁক উৰাই মেডিকেল কলেজৰ পৰা ঝান্সী মেডিকেল কলেজলৈ নি থকা অৱস্থাতে বাটতে মৃত্যু হয়।

মায়াৰ পিতৃয়ে আক্ষেপ কৰি জনায় যে তেওঁ বাৰে বাৰে পৰিয়ালৰ আৰ্থিক নাটনি আৰু কন্যাৰ বিয়াৰ বাবে জমা কৰিবলগীয়া দায়িত্বৰ কথা বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু বিলাসিতাৰ মোহে কিশোৰীগৰাকীক চৰম পথ বাছি ল’বলৈ বাধ্য কৰিলে।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related News