NORTHEAST NOW (Assamese)

ডিমৌ ৰাজহুৱা খেলপথাৰত দ্বিতীয় বাৰ্ষিক মুকলি বিহু উদযাপন

April 16, 2018 12:10 pm · হিতোজ্বল চেতিয়া
Updated: April 16, 2018 3:28 pm

ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু প্ৰাক্তন সতীৰ্থৰ  উদ্যোগত তথা ডিমৌবাসী ৰাইজৰ সহযোগত পহিলা বহাগৰ দিনা ডিমৌ ৰাজহুৱা খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক  মুকলি বিহু উদযাপন কৰা হয়।

বিহুৰ আৰম্ভণিতে বিহুৱান আৰু সন্থাৰ পতাকা উত্তোলন কৰে  উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন আটাছু নেতা বিৰাজ বৰগোহাঁই আৰু আটাছু ডিমৌৰ সভাপতি জয়ন্ত গগৈয়ে। ইয়াৰ পিছতেই ৰাইচাইস্থিত বৰবৰুৱা মৈদামত কাৰ্যকৰী সভাপতি ঋতুৰাজ শেনচোৱাই মৈদাম তৰ্পণ কৰে।

ইয়াৰ পাছতেই ডিমৌৰ কুৰিগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সম্বর্ধনা আৰু পৰম্পৰাগত জলপানৰে অপ্যায়ন কৰাৰ লগতে তেওঁলোকৰ পৰা সমূহীয়াকৈ সকলোৱে টাই আহোম আৰু অসমীয়াত আশীৰ্বাদ লয় ।

ইয়াৰ পিছতেই পৰম্পৰাগতভাৱে ৰাইজৰ মাজত কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জীৱনজিৎ সিংহ হাজৰিকাই হুঁচৰি আৰু বিহুৰ অনুষ্ঠান উদ্বোধন কৰাৰ পিছতেই নিত্য বৰুৱাৰ ওজা ঢোলবাদন, আদিত্য কাশ্যপ গগৈৰ ঢোলবাদন, ঔতলা সন্মিলিত হুঁচৰি দল, শিৱসাগৰ ছোৱালী সন্মিলিত হুঁচৰি দল, নিমাইজান সন্মিলিত হুঁচৰি দলৰ বিহু প্ৰদৰ্শনৰে মুকলি বিহুৰ সামৰণি পৰে।

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত মুকলি বিহুত আটাছুৰ প্ৰাক্তন সভাপতি সপোন গগৈ, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই, প্ৰাক্তন আটাছু নেতা অজয় কুমাৰ গগৈ, মনোৰঞ্জন কোঁৱৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

আটাছু ডিমৌৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ, শিৱসাগৰ জিলা সহঃ সম্পাদক নিপন বৰুৱা, উপঃ সভাপতি গোবিন গগৈ, মহকুমা সমিতিৰ সম্পাদক সন্দীপ গগৈয়ে মুকলি বিহুৰ সফল সামৰণিৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্যোগ্য যে যোৱা বছৰৰ পৰা আৰম্ভ কৰা এই মুকলি বিহুত আটাছু ডিমৌ আৰু প্ৰাক্তন সতীৰ্থই সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।

Related News