NORTHEAST NOW (Assamese)

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

August 10, 2025 5:01 pm ·
ফটো- সংগৃ্হীত

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ইউনিভাৰ্চিটি অ ৱ কেলিফৰ্ণিয়া, লছ এঞ্জেলছ (UCLA)-ৰ বিৰুদ্ধে ১ বিলিয়ন ডলাৰ (প্ৰায় ৮৭.৫৮ কোটি টকা) জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে। শনিবাৰে হোৱাইট হাউছে দাবী কৰিছে যে ইজৰাইল-হামাছ সংঘাতৰ সময়ত পেলেষ্টাইনৰ প্ৰতি সমৰ্থন প্ৰকাশৰ আঁৰত বিশ্ববিদ্যালয়ৰ চৌহদত ইহুদী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ট্ৰাম্প প্ৰশাসনে এই জৰিমনা পৰিশোধ নকৰিলে UCLA-ক দিয়া ৫৮৪ মিলিয়ন ডলাৰৰ ফেডাৰেল গ্ৰাণ্ট বন্ধ কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি ২০২৪ চনত গাজা আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলৰ আৰ্থিক আৰু সামৰিক সমৰ্থনৰ প্ৰতিবাদত আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত ছাত্ৰ আন্দোলনৰ সূত্ৰপাত হৈছিল। এই প্ৰতিবাদৰ সময়ত UCLA কেম্পাছত ইহুদী ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশত বাধা সৃষ্টিৰ অভিযোগ উত্থাপিত হৈছিল, যিটোক ইহুদী বিৰোধীতা বুলি অভিহিত কৰিছে ট্ৰাম্প প্ৰশাসনে। ইউএছএৰ বিচাৰ বিভাগে (DOJ) তদন্তৰ পিছত বিশ্ববিদ্যালয়খনে ইহুদী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ‘শত্ৰুতাপূৰ্ণ পৰিৱেশ’ সৃষ্টিৰ অভিযোগত দোষী সাব্যস্ত কৰিছে।

ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়াৰ মুৰব্বী জেমছ বি মিলিকেনে শুকুৰবাৰে জাননী প্ৰাপ্তিৰ কথা নিশ্চিত কৰি কয় যে বিষয়টো পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। তেওঁ কয়, “এখন ৰাজহুৱা বিশ্ববিদ্যালয় হিচাপে আমি কৰদাতাৰ সম্পদৰ প্ৰতিনিধি। এই পৰিমাণৰ জৰিমনাই আমাৰ দেশৰ শ্ৰেষ্ঠ ৰাজহুৱা বিশ্ববিদ্যালয় ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব আৰু আমাৰ ছাত্ৰ-ছাত্ৰী আৰু কেলিফৰ্ণিয়াৰ সকলোৰে ওপৰত গুৰুতৰ ক্ষতি কৰিব।”

ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে কলম্বিয়া বিশ্ববিদ্যালয়ৰ ওপৰতো একেই অভিযোগত ২০০ মিলিয়ন ডলাৰৰ জৰিমনা বিহিছিল। সেই সময়ত কলম্বিয়াৰ ৪০০ মিলিয়ন ডলাৰৰ ফেডাৰেল ফাণ্ডিং কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধেও ৫০০ মিলিয়ন ডলাৰৰ জৰিমনাৰ কথা উত্থাপিত হৈছিল।

ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপৰ বিৰুদ্ধে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউজমে কঠোৰ সমালোচনা কৰিছে। প্ৰশাসনে জৰিমনাৰ লগতে ১৭২ মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ তহবিল গঠনৰো দাবী জনাইছে, যিটো ইহুদী ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ক্ষতিগ্ৰস্ত ব্যক্তিৰ বাবে ব্যৱহাৰ হ’ব। ইয়াৰ উপৰিও, বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ নিয়ম সংশোধন, জাতি-ধৰ্মভিত্তিক বৃত্তি বন্ধ, আৰু বাহিৰৰ পৰ্যবেক্ষকৰ তত্ত্বাৱধানৰ দাবী উত্থাপিত হৈছে।

ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে ইয়াক শৈক্ষিক স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে। বাক্ স্বাধীনতাৰ  অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে, কাৰণ পেলেষ্টাইনৰ সমৰ্থনক ইহুদী বিৰোধীতাৰ সৈতে জড়িত কৰাটো ভুল বুলি মত পোষণ কৰিছে।

Related News