NORTHEAST NOW (Assamese)

অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে মহাৰাষ্ট্ৰৰ নেৰুলত নিৰ্মাণ হ’ব ৰাজ্যখনৰ প্ৰথমটো ডিটেনশ্যন চেন্টাৰ

September 13, 2019 10:35 am · এন ই নাও নিউজ
মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ নেৰুল। ফটো : ইন্টাৰনেটৰ সৌজন্যত

প্ৰতিখন ৰাজ্যৰে প্ৰধান মহানগৰসমূহত ডিটেনশ্যন চেন্টাৰ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহত নিৰ্দেশ দিছিল।

মহাৰাষ্ট্ৰ চৰকাৰে এই নিৰ্দেশনাৰ ভিত্তিত অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে ৰাজ্যখনৰ প্ৰথমটো ডিটেনশ্যন চেন্টাৰৰ বাবে নৱী মুম্বাইত এটুকুৰা স্থান বিচাৰিছে।

গৃহ বিভাগে অলপতে নৱী মুম্বাইৰ পৰিকল্পনা কৰ্তৃপক্ষ CIDCO লৈ ডিটেনশ্যন চেন্টাৰৰ বাবে নেৰুলত ৩ একৰ মাটি বিচাৰি পত্ৰ দিছে।

শেহতীয়াকৈ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে এই সিদ্ধান্তৰ কথা পোহৰলৈ আহিছে।

অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা সকলে বিদেশী ন্যায়াধীকৰণত আবেদন কৰাৰ বাবে ১২০ দিনৰ সময় পাব আৰু ব্যৰ্থ হোৱাসকলক ডিটেনশ্যন চেন্টাৰলৈ প্ৰেৰণ কৰা কৰাৰ আশংকা কৰা হৈছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ বিভাগৰ সূত্ৰই নেৰুলৰ প্ৰস্তাৱিত ডিটেনশ্যন চেন্টাৰৰ প্ৰকৃত স্থান টুকুৰাৰ বিষয়ে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে।

তেওঁলোকে কয় যে সেই স্থান ডোখৰ কিছুদিন আগলৈকে এটা বেচৰকাৰী সংস্থাই ব্যৱহাৰ কৰিছিল আৰু তাত এটা গাঁথনি আছে।

ৰাজ্যৰ গৃহ বিভাগৰ প্ৰধান সচিব (বিশেষ) অমিতাভ গুপ্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহতে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশনা দিয়াৰ পাছতে ডিটেনশ্যন চেন্টাৰৰ বাবে মাটি বিচৰাৰ কাম আৰম্ভ কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ‘২০১৯ মডেল ডিটেনশ্যন মেনুৱেল’ অনুসৰি প্ৰধান অনুপ্ৰৱেশ পৰীক্ষণ চকী থকা প্ৰতিখন মহানগৰ বা জিলাত এটা ডিটেনশ্যন চেন্টাৰ থাকিবই লাগিব।

২০১৯’ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তদানীত্বন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে  গোটেই দেশতে এন আৰ চি ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

সেই একে প্ৰতিশ্ৰুতি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো অন্তৰ্ভুক্ত হৈছিল।

মহাৰাষ্ট্ৰত এন আৰ চিৰ সপক্ষে শাসনাধীষ্ঠ বিজেপিৰ লগতে ইয়াৰ মিত্ৰ দল শিৱসেনাও আছে।

অলপতে, শিৱসেনাৰ সাংসদ তথা গুৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তে মুম্বাইত এন আৰ চি ৰূপায়নৰ দাবী তুলিছিল।

ৰাজ্যৰ গৃহ বিভাগে অনুপ্ৰৱেশকাৰীৰ নিৰ্দ্দিষ্ট সংখ্যা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিলেও এগৰাকী বিষয়াই কয় যে মুম্বাইত বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰী, বিশেষকৈ বাংলাদেশী নাগৰিক আছে।

তেওঁ জানিবলৈ দিয়ে যে তেওঁলোকক বিতাড়িত কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ব, গতিকেই ডিটেনশ্যন চেন্টাৰৰ প্ৰয়োজন। বৰ্তমান এই অবৈধ অনুপ্ৰৱেশকাৰীক  আটক কৰি জেইলত ৰখা হৈছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে নৱী মুম্বাইত হ’বলগীয়া ডিটেনশ্যন চেন্টাৰটো জেইলৰ দৰে নহ’ব, ইয়াত থাকিবলগীয়া লোকসকলে সকলো সুবিধাই লাভ কৰিব।

‘২০১৯ মডেল ডিটেনশ্যন মেনুৱেল’ অনুসৰি আটকাধীন পৰিয়ালৰ সদস্য এজনৰ পৰা আনজনক পৃথক কৰি ৰখা নহ’ব আৰু প্ৰতিটো চেন্টাৰতে এটা শিশুগৃহ (acrèche)থাকিব লাগিব।

Related News