NORTHEAST NOW (Assamese)
অসম

দুই কিশোৰীৰ মৃত্যুকলৈ চাঞ্চল্য, কাইলৈ কোকৰাঝাৰলৈ যাব মুখ্যমন্ত্ৰী

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী June 12, 2021 9:07 pm
Suicide-by-hanging-768x611-750x375

কোকৰাঝাৰ চহৰৰ পৰা বিশ কিলোমিটাৰ নিলগত অবস্থিত অভয়াখুটি গাওঁত সংঘটিত দুজনী কিশোৰী মৃত্যুৰ ঘটনাই চাঞ্চল্য পৰিবেশ বিৰাজ কৰিছে জিলাখনত।

দুটা দুখীয়া পৰিয়ালৰ বায়েক বনিয়াক সম্পৰ্কীয় দুয়ো কিশোৰীৰ মৃতদেহ ঘৰৰ পৰা কিছু দূৰত এজোপা আমগছৰ এডালতে চিপ লৈ আত্মহত্যা কৰা অবস্থাত উদ্ধাৰ হৈছিল শুক্ৰবাৰ সন্ধিয়া।

ঘৰত কোনো কাজিয়া সৃষ্টি নোহোৱা পৰিয়ালৰ দুয়ো কিশোৰীয়ে কেনেকৈ এজোপা গছৰ এডালতে চিপ লৈ আত্মহত্যা কৰিব পাৰে সেয়া গ্ৰহণ কৰিব পৰা নাই ভুক্তভোগী পৰিয়াল, স্থানীয় লোক তথা দল সংগঠনে।

আজি উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাভা ছাত্ৰ সন্থা আৰু অন্যান্য ৰাভা দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দি ঘটনাৰ তদন্ত কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী কৰে।

উল্লেখযোগ্য দল সংগঠনে প্ৰকাশ কৰা মতে উক্ত ঘটনাৰ বুজ লবলৈ কাইলৈ ঘটনাস্থলীত উপস্থিত হব অসমৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ইতিমধ্যে মুখ্য মন্ত্ৰীৰ আগমনৰ বাবে হেলিপেড প্ৰস্তুত কৰিছে প্ৰশাসনে। দুখীয়া পৰিয়ালৰ দুয়ো কিশোৰী ক্ৰমে ৰবিথা ৰাভা(১৪) আৰু সমাইনা ৰাভা(১৬) ক দুষ্কৃতিকাৰীয়ে দৰ্ষন কৰি হত্যা কৰা বুলি দাবী কৰিছে ভুক্তভোগী পৰিয়াল, স্থানীয় লোক আৰু দল সংগঠনে।