NORTHEAST NOW (Assamese)

কাশ্মীৰত সেনাৰে সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী, এজন জোৱানো শ্বহীদ

March 28, 2021 7:05 pm · এন ই নাও নিউজ

উত্তপ্ত কাশ্মীৰত সেনাৰে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান শ্বহীদ হৈছে।এই ঘটনাত আন এজন সেনা জোৱান গুৰুতৰ ভাবে আহত হয়। আহত জোৱান জনক শ্ৰীনগৰৰ ৯২ বেছ কেম্প চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জম্মু-কাশ্মীৰৰ ছপিয়ান জিলাত শনিবাৰে পুৱতি নিশা ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে দুজন সন্ত্ৰাসবাদী।

নিশা প্ৰায় ৩ বজাৰ পৰা ছপিয়ানৰ  অঞ্চলত কেইবা ঘণ্টা ধৰি চলা  সংঘৰ্ষৰ পাছত সেনা-আৰক্ষীয়ে  সন্ত্ৰাসবাদীক কেইজনক হত্যা কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে মনিহালত তালাচী অভিযান চলাইছিল।

নিৰাপত্তা বাহিনীৰ দলটোৱে  যোৱা নিশা গোটেই অঞ্চলটো ঘেৰি ৰাখে।

গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল  এক বিশেষ সূত্ৰৰ পৰা।

উল্লেখ্য কাশ্মীৰ উপত্যকাত শেহতীয়াকৈ পুনৰ পাকিস্তানৰ সন্ত্ৰাসবাদী  অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই সেনা-আৰক্ষীয়ে যোৱা কেইবাটাও দিনত বৃহৎ সফলতা লাভ কৰিছে।কিছুদিন পূৰ্বে সেনা-আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ পাক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Related News