NORTHEAST NOW (Assamese)

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm · এন ই নাও নিউজ, গুৱাহাটী

লাল সন্ত্ৰাস ৰোধ কৰাত এক বৃহৎ সফলতা। ছত্তীশগড়ৰ চুকমা জিলাত অস্ত্ৰসহ ২০ গৰাকী মাওবাদী নেতাই আত্মসমৰ্পণ কৰে। তেওঁলোকৰ মূৰত মুঠ মূল্য আছিল ৩৩ লাখ টকা। এই কথা বুধবাৰে আৰক্ষীয়ে অৱগত কৰে। ছত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যত চলি থকা অভিযানৰ মাজতে মাওবাদীৰ আত্মসমৰ্পণক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা হিচাপে দেখা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আজি ৯ গৰাকী মহিলাসহ মুঠ ২০ গৰাকী মাওবাদী নেতাই অস্ত্ৰসহ আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ ওচৰত আত্মসমৰ্পণ কৰে। প্ৰশাসনৰ তথ্য অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদীৰ ২ জনৰ মূৰৰ মূল্য আছিল ৮ লাখ টকাকৈ। তেওঁলোক হল শৰ্মিলা ওৰফে বিকাশ ভূইম (২৫) আৰু তাতী কোছি ওৰফে প্ৰমিলা (২০)। ৫৪ বছৰীয়া মুচাকা হুডমা নামৰ আন এজন মাওবাদী নেতাৰ মূৰৰ মূল্য আছিল ৫ লাখ টকা। আৰু চাৰিজন মাওবাদী নেতাৰ মূৰৰ মূল্য আছিল ৪ লাখ টকাকৈ। ইয়াৰ উপৰিও কেইবাজনো মাওবাদীৰ মূৰৰ মূল্য আছিল ১ লাখ টকাকৈ। আত্মসমৰ্পণ কৰা মাওবাদীসকলক মাওবাদী পুনৰ্বাসন নীতি অনুসৰি চাকৰি আৰু অন্যান্য বিভিন্ন সাহায্যৰ লগতে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হব বুলিও প্ৰশাসনে অৱগত কৰিছে।

প্ৰসংগক্ৰমে চত্তীশগড় চৰকাৰে ‘নক্সাল আত্মসমৰ্পণ আৰু ভুক্তভোগী পুনৰ্বাসন নীতি ২০২৫ত কেইবাটাও পৰিৱৰ্তন কৰি মাওবাদীক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিবলৈ বাধ্য কৰাইছে। যত আত্মসমৰ্পণ কৰা মাওবাদীসকলক পুনৰ্বাসন, চাকৰি, আৰ্থিক পুৰস্কাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰা হয়। নতুন পুনৰ্বাসন নীতিয়ে মাওবাদী নেতাৰ পদবী অনুযায়ী সুবিধা প্ৰদান কৰে। ৰাজ্যিক সমিতি, আঞ্চলিক সমিতি, কেন্দ্ৰীয় সমিতি, পলিটব্যুৰোৰ সদস্যৰ দৰে উচ্চ পদস্থ কেডাৰক ৫ লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰা হয়। লঘু মেচিনগান লৈ আত্মসমৰ্পণ কৰাসকলেও পাব ৫ লাখ টকাৰ নগদ পুৰস্কাৰ। যিবোৰ ক্ষেত্ৰত মাওবাদী ইউনিটৰ ৮০ শতাংশ সদস্যই একেলগে আত্মসমৰ্পণ কৰে, তেনে ক্ষেত্ৰত পুৰস্কাৰ দুগুণ হব। এই পুনৰ্বাসন পেকেজত চাকৰি আৰু শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ো অন্তৰ্ভুক্ত কৰা হৈছে।

Related News