NORTHEAST NOW (Assamese)

মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে ধুবুৰীত ২১গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ; এজন শিক্ষকক গ্ৰেপ্তাৰ

February 10, 2020 5:50 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজিৰ পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুবুৰীৰ চাপৰৰ দুটা পৰীক্ষা কেন্দ্ৰৰ পৰা ২১গৰাকী ছাত্ৰ-ছাত্ৰীক বহিষ্কাৰ কৰাৰ উপৰি এজন শিক্ষকক অসৎ পন্থা লোৱাত সহায় কৰা বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

পৰীক্ষাৰ্থীক নকল যোগান দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা শিক্ষকজন হ’ল জিলাখনৰ চিৰাখোৱা হাইস্কুলৰ আৰবী শিক্ষক জয়নাল আৱেদিন।

ছেবাই এইবাৰ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰি নকলত ধৰা পৰিলে বহিষ্কাৰ কৰাৰ লগতে তিনি বছৰৰ বাবে নিলম্বন, অৰ্থাৎ পুনৰ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত কৰাৰ কথা ঘোষণা কৰিছিল।

অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ ছেবাৰ অধ্যক্ষই ২৭ জানুৱাৰিত এখন সংবাদ মেল দি কেতবোৰ নিয়ম স্পষ্ট কৰি কৈছিল যে পৰীক্ষাকেন্দ্ৰসমূহ চি চি টি ভিৰ কেমেৰাৰে সকলো সময়তে নিৰীক্ষণ কৰি থকা হ’ব।

লগতে কৈছিল যে কেৱল নকল কৰা পৰীক্ষাৰ্থীয়েই নহয়, যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত ম’বাইল ফোনকে ধৰি অন্য ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিব তেওঁলোককো তিনি বছৰৰ বাবে নিলম্বন কৰা হ’ব।

ছেবাৰ এই নীতি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ ভৱিষ্যতৰ কথা নভবাকৈ লোৱা হৈছে বুলি ইতিমধ্যে চাৰিওফালৰ পৰা সমালোচনা হোৱা দেখা গৈছিল।

Related News