NORTHEAST NOW (Assamese)
Popular Stories

‘লোকেল উৎপাত’ৰ বাবে জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কেনি বসুমতাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 5:47 pm
Local Utpat

লোকেল কুংফু ছিৰিজ, ছাছপেণ্ডেট ইন্সপেক্টৰ বড়োৰ দৰে ছবি দৰ্শকক উপহাৰ দিয়া ছবি নিৰ্মাতা কেনি বসুমতাৰীৰ আন এখন ছবি মুক্তিৰ বাবে সাজু হৈ উঠিছে। তেওঁৰ আহিবলগীয়া ছবিখন হ’ল ‘লোকেল উৎপাত’।

ব্যতিক্ৰমী চিনেমা নিৰ্মাতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা কেনিক পৰৱৰ্তী ছবি ‘লোকেল উৎপাত’ৰ বাবে প্ৰয়োজন হৈছে ধনৰ। যাৰ বাবে তেওঁ আৰম্ভ কৰিছে ক্ৰাউদ ফাণ্ডিং।

প’ষ্ট প্ৰডাকশ্যন আৰু মুক্তিৰ বাবে কেনিক ১০ লাখ টকাৰ প্ৰয়োজন যদিও ইতিমধ্যে ক্ৰাউদ ফাণ্ডিঙৰ জৰিয়তে ১০ ফেব্ৰুৱাৰিলৈকে ৪.৩ লাখ টকা সংগ্ৰহ হোৱা বুলি জানিব পৰা গৈছে।

ক্ৰাউদ ফাণ্ডিঙৰ বাবে ছবি নিৰ্মাতাগৰাকীয়ে wishberry.in নামৰ এটা ৱেবছাইট মুকলি কৰিছে।

‘মোৰ আগৰ ছবি কেইখন ছোৱা বাবে সকলোকে ধন্যবাদ জনাইছো। আপোনালোকৰ সহাৰিয়ে মোক উৎসাহিত কৰে। কিন্তু আগৰ ছবি কেইখনত খৰচ হোৱা ধন উভটাই নাপালো। যাৰ বাবে মুম্বাইত থকা সৰু ঘৰটো বিক্ৰী কৰি দিব লগীয়া হৈছে। কিন্তু এনেকে বহি নাথাকো, মই আৰু ছবি বনোৱাৰ প্ৰতি আগ্ৰহী’, এইদৰে কয় কেনীয়ে।

উল্লেখ্য যে ২০১৩ চনত মুক্তি লাভ কৰা একশ্যন-কমেডিযুক্ত লোকেল কুংফু ছবিখনৰ জৰিয়তে ছবি নিৰ্মাতা হিচাপে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল কেনি বসুমতাৰীয়ে।

লোকেল কুংফুৰ সফলতাৰ পিছতেই অৰ্থাৎ ২০১৭ত মুক্তি পাইছিল লোকেল কুংফুৰ চিকুৱেল। ইয়াৰ ঠিক এবছৰ পিছতেই কেনিয়ে ছাছপেণ্ডেট ইন্সপেক্টৰ বড়ো নামৰ আন এখন জনপ্ৰিয় ছবি নিৰ্মাণ কৰি উলিয়াইছিল।

লোকেল উৎপাত নিৰ্মাণৰ আঁৰৰ কাহিনী উল্লেখ কৰি কেনীয়ে কয় যে সম্পূৰ্ণ হাস্যকৰধৰ্মী চিনেমা অসমত খুব কম নিৰ্মাণ হৈছে। সেয়ে এনে ধৰণৰ ছবি নিৰ্মাণৰ জৰিয়তে দৰ্শকক ৯০ মিনিট হাঁহিৰ খোৰাক দিয়াটোৱে তেওঁৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে।

ইফালে ক্ৰাউদ ফাণ্ডিঙৰ বিষয়ে একেৰাহে লিখক-পৰিচালক-অভিনেতা গৰাকীয়ে কয়, ‘ছবি গৃহৰ অভাৱৰ বাবে প্ৰয়োজনীয় ধন ঘূৰি নাহে। মাত্ৰ ৪০-৬০খন স্ক্ৰীণ লাভ কৰো, যাৰ কাৰণে ছবিখন নিৰ্মাণত খৰচ হোৱা ধন ঘূৰি নাহে। সেয়ে সাধাৰণ সংখ্যক দৰ্শকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাটোৱে উত্তম উপাই বুলি ভাবো’।

যদিহে এই চিনেমাখনৰ জৰিয়তে কেনিয়ে কিছু পৰিমানে সফলতা লাভ কৰে তেন্তে তেওঁ ভৱিষ্যতে পুনৰ ছবি নিৰ্মাণ কৰি যাব বুলিও মত প্ৰকাশ কৰে।