NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছৰ নাম লৈ ইণ্টাৰনেট হেকাৰৰ লক্ষ্য আপোনাৰ বেংক একাউণ্টত; এনেবোৰ লিংকত ক্লিংক নকৰিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 5:36 pm
Coronavirus

ক’ৰ’না ভাইৰাছৰ ফলত ৭০০ গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে। সহস্ৰাধিক লোক এই ভাইৰাছৰ বিধৰ সংক্ৰমণৰ কবলত পৰিছে।

চীনৰ উপৰিও এতিয়া মালেছিয়া, ফিলিপাইনছ আৰু আমেৰিকালৈ এই ভাইৰাছবিধৰ সংক্ৰমণ ঘটিছে।

ভাৰতকো এই ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত সংক্ৰমণশীল দেশৰ তালিকাত ৰখা হৈছে।

জনসাধাৰণে ক’ৰ’না ভাইৰাছৰ লক্ষ্যণ, প্ৰতিকাৰ সম্বন্ধে ইণ্টাৰনেটত অধিক তথ্যৰ সন্ধান কৰিছে।

মানুহে ইণ্টাৰনেটত ক’ৰ’না ভাইৰাছ সম্পৰ্কত অধিক তথ্যৰ সন্ধান কৰাৰ পাছত ইণ্টাৰনেট হেকাৰ সকলে এই সকল লোকক লক্ষ্য কৰি লৈছে।

শেহতীয়া তথ্য মতে, হেকাৰ সকলে ক’ৰ’না ভাইৰাছৰ চিকিৎসা আৰু বিভিন্ন খবৰৰ বাবে বিভিন্ন ধৰণৰ ইণ্টাৰনেটৰ লিংক মানুহলৈ পঠাবলৈ আৰম্ভ কৰিছে।

হেকাৰ সকলে ক’ৰ’না ভাইৰাছৰ নাম লৈ ইণ্টাৰনেট ব্যৱহাৰকাৰীক য়ু পি আই ট্ৰেঞ্চফাৰৰ লিংক পঠাই দিয়ে য’ত পিন কোড অন্তৰ্ভূক্তিৰ এটা অপশ্যন থাকে।

আপুনি যদি ভুলতে সেই লিংকত গৈ নিজৰ পিন নম্বৰ অন্তৰ্ভুক্ত কৰে তেনেহ’লে আপুনি নিজৰ উপাৰ্জিত ধন বেংকৰ একাউণ্টৰ পৰা হেৰুৱাবলগীয়া হ’ব পাৰে।

যদিহে আপুনি ক’ৰ’না ভাইৰাছৰ নামত অহা যিকোনো ধৰণৰ লিংক লাভ কৰে তেন্তে ইয়াক মুকলি কৰাৰ পূৰ্বে সাৱধান থাকক। ইয়াৰ পাছতো যদি এনেধৰণৰ কাৰ্য্য অব্যাহত থাকে অতি শীঘ্ৰে আৰক্ষীক খবৰ কৰক।

আনহাতে, যদিহে আপোনাৰ একাউণ্টৰ পৰা এনেধৰণে টকা সৰকাই নিজে বেংকত খবৰ কৰক।