NORTHEAST NOW (Assamese)

আজি পুনৰ মূলসূঁতিলৈ আহিল এন এল এফ বিৰ তৃতীয়টো বৃহৎ দল

August 10, 2021 3:07 pm · ৰিনয় বসুমতাৰী
Updated: August 10, 2021 3:26 pm

এইবাৰ কোকৰাঝাৰ পৰ্বতঝৰা ঘন জংগলৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰসহ ওলাই আহিল এন এল এফ বিৰ কেডাৰ।

বিনোদ মুছাহাৰী ওৰফে এম বাথা নেতৃত্বাধীন এন এল এফ বিৰ বৃহৎ দল এটাই আজি মূলসূঁতিলৈ আহে।

প্লাটুন কামাণ্ডাৰ বি জাংখ্ৰিথাইৰ নেতৃত্বত অত্যাধুনিক মাৰণাস্ত্ৰৰে মুকলি আকাশৰ তললৈ আহিল এন এল এফ বিৰ কেডাৰসকল। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝৰাৰ ঘন জংগলৰ পৰা অহা এন এল এফ বিৰ কেডাৰসকলক আদৰণি জনালে স্থানীয় ৰাইজে।

“এন এল এফ বি জিন্দাবাদ” , “জৈ বড়ো হাৰিনি জৈ” ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে শিঙিমাৰী গাঁৱৰ ৰাইজে।

উল্লেখযোগ্য যে যোৱা ২২ জুলাইত ওদালগুৰি জিলাৰ ভাৰত- অৰুণাচল সীমান্তত এম বাথাৰ নেতৃত্বত ২৩ জনীয়া আৰু ৮ আগষ্টত ভাৰত- ভুটান সীমান্ত ঝাৰবাৰীৰ ঘন জংগলৰ পৰা ৩২ জন কেডাৰে মূলসূঁতিলৈ অহাৰ পিছত  আজি ভাৰত -বাংলাদেশ সীমান্তৰ পৰ্বতঝৰা শিঙিমাৰী গাঁৱত হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰলৈ ২১ জনীয়া দল এটাই মূলসূঁতিত চামিল হয়।

প্ৰথমে ২৩ জন, দ্বিতীয়ত ৩২ জন  উলাই অহাৰ পিছত আজি ২১ জন অৰ্থাৎ মুঠ ৭৬ জন কেডাৰ ইতিমধ্যে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে ওলাই আহিল আৰু ১২৪ জন কেডাৰ এতিয়াও আহিবলৈ বাকী আছে।

বাকী কেডাৰসকলে স্বাধীনতা দিৱসৰ পূৰ্বে ওদালগুৰী আৰু শোণিতপুৰত মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি প্ৰকাশ কৰিছে সশস্ত্ৰ সংগঠনটোৰ উপাধ্যক্ষ বি বোকো আৰু শান্তি আলোচনাৰ মধ্যস্থতাকাৰী পৃথিৱীৰাজ নাৰায়ণ দেৱ মেচে।

Related News