NORTHEAST NOW (Assamese)

পাকিস্তানত ছেনিটেৰী পেডৰ ওপৰত শুল্ক! এগৰাকী পাকিস্তানী যুৱতীৰ অধিকাৰৰ বাবে এক ঐতিহাসিক আইনী যুঁজ

October 26, 2025 10:06 am · এন ই নাও নিউজ, গুৱাহাটী

আফগানিস্তান, পাকিস্তানৰ দৰে উগ্ৰ আৰু পিতৃতান্ত্রিক দেশত নাৰীৰ অধিকাৰৰ যুঁজখন অতি কঠিন৷ তাতেই পাকিস্তানী যুৱতী মাহনুৰ ওমৰে নিজৰ কৈশোৰৰ লজ্জা আৰু অসহায়তাক এক ঐতিহাসিক আইনী যুদ্ধলৈ ৰূপান্তৰিত কৰিছে। শেহতীয়াকৈ ২৫ বছৰীয়া মাহনুৰে লাহোৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। কোৱা হৈছে যে ছেনিটেৰী পেডৰ ওপৰত চৰকাৰী কৰ অসাংবিধানিক ঘোষণা কৰিব লাগে। মাহনুৰে দাবী যে এই কৰ আচলতে মহিলাৰ ওপৰত আৰোপ কৰা বৈষম্যমূলক ‘পিৰিয়ড টেক্স

উল্লেখ্য যে একাধিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পাকিস্তানত উৎপাদিত ছেনিটেৰী পেডৰ ওপৰত ১৮ শতাংশ বিক্ৰী কৰ আৰু আমদানিকৃত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়। বিভিন্ন প্ৰদেশৰ পৰা কৰ সংযোজন হোৱাৰ বাবে একাংশ ঠাইত মুঠ কৰ পৰিমাণ ৪০ শতাংশ পৰ্যন্ত হয়। ফলত এগৰাকী সাধাৰণ পাকিস্তানী মহিলাৰ বাবে ছেনিটেৰী পেড ব্যয়বহুল হৈ পৰে। আদালতৰ আবেদনত মহনুৰে দাবী কৰিছে যে এয়া কেৱল কৰ নহয়, ই এক অন্যায়। যিয়ে নাৰীৰ জীৱনৰ মৌলিক প্ৰয়োজনীয়তাকো বিলাসীতালৈ ৰূপান্তৰিত কৰিছে। এই কৰ সংবিধানে নিশ্চিত কৰা সমতা আৰু মৰ্যাদা উলংঘা কৰে।

ইউনিচেফ আৰু ৱাটাৰএইডৰ যৌথ অধ্যয়নত দেখা গৈছে যে পাকিস্তানৰ মাত্ৰ ১২ শতাংশ মহিলাইহে চেনিটেৰী পেড ব্যৱহাৰ কৰে। বাকীবোৰ পুৰণি কাপোৰ বা অসুৰক্ষিত বিকল্পৰ ওপৰত নিৰ্ভৰশীল। বাচাৰৰ বৰ্তমানৰ চেনিটেৰী পেডৰ পেকেটৰ খৰচ ৪৫০ পাকিস্তানী টকা। যিটো কম আয়ৰ পৰিয়াল এটাৰ বাবে এটা আহাৰ খোৱাৰ সমতুল্য। যদিহে কৰ আঁতৰাই দিয়া হয় তেন্তে এই খৰচ প্ৰায় আধা হ্ৰাস পাব। তেতিয়াহে পৰিস্থিতি সলনি হব। পাকিস্তানত মহিলাৰ অধিকাৰৰ বাবে কাম কৰা কৰ্মীসকলো এই সন্দৰ্ভত একমত।

Related News