NORTHEAST NOW (Assamese)
অসম

অসমত ২৫৯৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৩৮ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 11:14 pm
642 persons test Covid19 positive in Assam on Saturday

২৫৯৫গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৩৮ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৬.৯৬ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৫,১৭৫টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৫৩, যোৰহাটৰ ২০৫, লখিমপুৰৰ ১৯৯ আৰু গোলাঘাটৰ ১৭৩গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৫,৪৫৩লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৪০গৰাকী ক’ভিড ৰোগীয়ে শুকুৰবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে মুঠ ১,২৩,৬৮৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ শুকুৰবাৰলৈকে অসমত চিকিৎসালয় এৰিছে।