NORTHEAST NOW (Assamese)
অসম

৯ ফেব্ৰুৱাৰিত গুৱাহাটীত যুৱ সাংবাদিক সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস; প্ৰদান কৰিব বিভিন্ন বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2019 9:29 pm
Youth Journalist

অহা ৯ ফেব্ৰুৱাৰিত গুৱাহাটীত যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব। সেই উপলক্ষে উক্ত অনুষ্ঠানতে যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাগৰাকী সাংবাদিকলৈ একোটাকৈ বিশেষ বঁটা আৰু সন্মান আগবঢ়াব।

যুৱ সাংবাদিক সন্থাৰ সভাপতি চন্দন দাস আৰু সাধাৰণ সম্পাদক কাঞ্চন জ্যোতি গোহাঁইয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বঁটা লাভ কৰিবলগীয়া সাংবাদিক সকলৰ নাম প্ৰকাশ কৰিছে।

তালিকাত থকা নাম সমূহ হ’ল ক্ৰমে-

 ক) “সংবাদ শিৰোমণি”যুৱ সাংবাদিক বঁটা আৰু  সন্মান –

১/ শোণিত কুমাৰ ভূঞা , যুটীয়া সম্পাদক ,প্ৰতিদিন টাইম ৷

২/ ৰাজদ্বীপ বাইলুং বৰুৱা , এডিটৰিয়েল কনছালন্টেট, News18 অসম নৰ্থ ইষ্ট ৷

খ) শ্ৰেষ্ঠ বাতৰি পৰিবেশক পৰিবেশিকা

১/ বনদ্বীপ গোস্বামী , News Live

২/ অঞ্জুমণি বৰদলৈ , প্ৰতিদিন টাইম

গ)  “শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰ সন্মান-

১/ অভিজিৎ গগৈ Dy365.

 ঘ)  শ্ৰেষ্ঠ সাংবাদিকতা বঁটা-

১/ অজয় শইকীয়া , সাংবাদিক ,দৈনিক জনমভূমি ৷

ঙ) শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতা বঁটা-

১/ জগদ্বীশ ভৰালী ,” নিয়মীয়া বাৰ্তা ৷

২/ সৌৰভ দুৱৰা ,অসমীয়া প্ৰতিদিন

তদুপৰি পৰিবেশ আৰু বন্যপ্ৰাণী ,শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা  হ’ব  বুলি তেওঁলোকে জানিবলৈ দিয়ে।

প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজ্যৰ সকলো সাংবাদিককে উপস্থিত থাকিবৰ বাবে সভাপতি-সম্পাদকদ্বয়ে আহ্বান জনাইছে।