NORTHEAST NOW (Assamese)

গুৱাহাটী ষ্টেশ্যনত নিচাজাতীয় দ্ৰব্যসহ আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী

June 11, 2018 12:39 pm · কল্পজ্যোতি শইকীয়া
Updated: June 11, 2018 1:12 pm

ক্ৰমশ: নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ষ্টেশ্যন।আজি পুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছত চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰী (মৰফিন) কঢ়িওৱাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে।

ৰে’ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে উত্তৰ প্ৰদেশৰ বাসিন্দা ছৌলট ৰছুল (৩৯)ক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক সোধাপোছাৰ অন্তত ধৃত উত্তৰ প্ৰদেশৰ লোকজনে প্ৰায় ৯০০ গ্ৰাম ওজনৰ নিষিদ্ধ দ্ৰব্যখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কানপুৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে অনা হৈছিল বুলি স্বীকাৰ কৰিছে। অৱশ্যে পৰৱৰ্তী তদন্তৰ সময়তহে ইয়াৰ আঁৰৰ প্ৰকৃত তথ্য জানিব পৰা হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ৯ জুনৰ পুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটীৰ পল্টনবজাৰ ৰেলৱে ষ্টেশ্যনত জিআৰপিএছে চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত ১২৪২৩ ডিব্ৰুগড়- ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় ৩২ পেকেট গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।জব্দকৃত গাঞ্জাখিনি প্ৰায় ৪০ কেজি হ’ব বুলি প্ৰকাশ কৰিছিল ৰেল আৰক্ষী সূত্ৰই।

তাৰ পাছত পুনৰ আজি নিষিদ্ধ মৰফিনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

Related News