NORTHEAST NOW (Assamese)

PubGকে ধৰি নিষিদ্ধ হ’ব পাৰে ২৭৫টা চীনা এপ

July 27, 2020 10:03 pm · এন ই নাও নিউজ
ফাইল ছবি।

যোৱা মাহত ৫৯টা চীনা এপ নিষিদ্ধ কৰাৰ পিছত এইবাৰ ভাৰতে সাজু কৰিছে PubGকে ধৰি ২৭৫টা চীনা এপৰ এক তালিকা।

এই সমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ইউজাৰ প্ৰাইভেচিৰ দিশসমূহ পৰীক্ষা কৰি চোৱা হ’ব।

ফলত আৰু অধিক চীনা ইণ্টাৰনেট কোম্পানি ভাৰতত নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে, বাতৰিত প্ৰকাশ

বাতৰি মতে, এই এপসমূহৰ ভিতৰত আছে টেনচেণ্টৰ পাবজিৰ উপৰি চাওমিৰ জিলি, আলিবাবাৰ আলিএক্সপ্ৰেছ আৰু ইতিমধ্যে নিষিদ্ধ টিকটকৰ মালিক বাইটডান্সৰ ইউলাইক আদি।

এপসমূহৰ ভিতৰত ম’বাইল কোম্পানি চাওমিৰ ১৪টা এমআই এপো আছে বুলি বাতৰিত প্ৰকাশ।

বিষয়টোৰ বিষয়ে অৱগত এজন ব্যক্তিৰ উদ্ধৃতিৰে বাতৰিটোত কোৱা হৈছে যে চৰকাৰে এই তালিকাৰ সকলো বা কিছুমান এপ নিষিদ্ধ কৰিব পাৰে বা এটাও নিষিদ্ধ নকৰিব পাৰে।

এই এপসমূহৰ কিছুমানক নিৰাপত্তাজনিত কাৰণত আৰু আনসমূহক ডেটা চেয়াৰিং আৰু গোপনীয়তা উলংঘনৰ বাবে তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

Related News