NORTHEAST NOW (Assamese)

পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু

November 28, 2022 7:53 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 28, 2022 8:45 am

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। চহৰখনত এখন ৰে’লে মহতীয়াই নিয়াৰ ফলত ৩ শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি শিশু গুৰুতৰভাৱে আহত হয়। ৰে’ললাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাত পতিত হয় শিশুকেইটি।

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে সেই সময়ত ৰে’লখন অহাৰ বিষয়ে শিশুকেইটি জ্ঞাত নাছিল, যাৰ বাবে এনে হৃদয়বিদাৰক দুৰ্ঘটনা সংঘটিত হয়।

তেওঁ লগতে জানিবলৈ দিয়া মতে, ৰে’লৰ খুন্দাৰ ফলত দুটি শিশুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ যোৱাৰ পথত আন এটি শিশুৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনটি শিশু বৰ্তমান চিকিৎসাধীন হৈ আছে।

 

উল্লেখ্য যে, এই ভয়াৱহ দুৰ্ঘটনা ছতলেজ নদীৰ ওপৰত লোহাণ্ড ৰে’ল দলঙত সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰা ৰে’লখন ছাহাৰানপুৰৰ পৰা হিমাচল প্ৰদেশ অভিমুখে যাত্ৰাৰত আছিল।

দুৰ্ঘটনাৰ পিছতে ৰে’লখন দুৰ্ঘটনাস্থলীত ৰৈ যায়। আহত শিশুকেইটিক আনন্দপুৰ চাহাবৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাটতে এজনৰ মৃত্যু হয়।

এই কাণ্ডৰ পিছতে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে এক টুইট যোগে শোক প্ৰকাশ কৰি ৰাজ্য চৰকাৰক মৃতকৰ পৰিয়ালক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনায়।

 

Related News