NORTHEAST NOW (Assamese)
দেশ

তামিলনাডুৰ শিশু গৃহত শোকাৱহ ঘটনা: খাদ্যৰ বিষক্ৰিয়াৰ ফলত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, চিকিৎসাধীন ১১ শিশু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 6, 2022 7:00 pm
Food Poisoning

তামিলনাডুৰ তিৰুপ্পুৰস্থিত এক শিশু গৃহত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বুধবাৰে শিশু গৃহটিত থকা শিশুসকলক দিয়া নৈশ আহাৰৰ বিষক্ৰিয়াৰ ফলত আজি তিনিটি শিশুৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰিছে আন ১১ টি শিশু।

প্ৰকাশিত খবৰ অনুসৰি বুধবাৰে শিশু গৃহটিৰ আবাসী শিশুসকলে ভাতৰ লগতে ‘ৰসম’ নামৰ স্থানীয় এবিধ খাদ্য আৰু লাডুৰে নৈশ আহাৰ গ্ৰহণ কৰিছিল। এই আহাৰ খোৱাৰ পিছতে কেইবাগৰাকীও শিশুৱে বমি কৰাৰ লগতে শৌচ কৰিছিল।

কিন্তু আজি তেওঁলোকে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে তেওঁলোকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু কেইবাগৰাকীও শিশু অজ্ঞান হৈ পৰে। লগে লগে অসুস্থ হৈ পৰি শিশুসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসাধীন অৱস্থাতে তিনিটি শিশুৰ মৃত্যুৰ বিপৰীতে আন এঘাৰগৰাকী অসুস্থ শিশু বৰ্তমানেও চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

ইফালে তিৰুপুৰ জিলা উপায়ুক্ত এছ বিনীতে আজি চিকিৎসালয় পৰিদৰ্শন কৰি খাদ্যৰ বিষক্ৰিয়াৰ ফলতে এনে ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে খাদ্যৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলাই থকা হৈছে আৰু তদন্তৰ বিষয়ে সময়ত সদৰী কৰা হ’ব বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।