NORTHEAST NOW (Assamese)

যেন ৰূপকথাৰ কাহিনী! তিনি ভনীয়েকৰ এজনেই স্বামী, বিয়াও হৈছিল একেটা দিনতে

November 8, 2020 7:08 am · এন ই নাও নিউজ

কোনো লোকৰ একাধিক পত্নী থকাৰ কথাটো কোনো নতুন কথা নহয় যদিও এজন এনে লোক আছে যিজন লোকৰ তিনিগৰাকী পত্নী আৰু তিনিওগৰাকী পত্নীয়েই হৈছে একে মাকৰে সন্তান।

সচৰাচৰ সাধুকথাতহে এনে ধৰণৰ কাহিনী শুনা যায় যদিও উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ বাসিন্দা কৃষ্ণই যেন ৰূপকথাৰ কাহিনীকে বাস্তৱ ৰূপ দিছে।

চিত্ৰকূট জিলাৰ কাশীৰাম কল’নীত তিনি ভনীয়েকক পত্নী হিচাবে  গ্ৰহণ কৰি সুখেৰে সংসাৰৰ ৰথ টানি নিছে কৃষ্ণই।

আচৰিত কথাটো হ’ল তিনি ভনীয়েকক কৃষ্ণই বেলেগ বেলেগ সময়ত বিয়া কৰোৱা নাই।

একে দিনাই একে খন ৰভাৰ তলতে কৃষ্ণই তিনিওগৰাকী ভনীয়েকক বিয়া কৰোৱাইছিল।

কি কাৰণত কৃষ্ণই তিনি ভনীয়েকক একেলগে বিয়া কৰোৱাইছিল সেয়া আজিও ৰহস্য হৈয়েই আছে।কৃষ্ণৰ মুখৰ পৰাও কোনেও এই বিষয়ত একো কথা উলিয়াবলৈ সক্ষম হোৱা নাই।

তিনিও ভনীয়েকৰ প্ৰত্যেকৰে এতিয়া দুটিকৈ সন্তান জন্ম হৈছে। অৰ্থাৎ কৃষ্ণৰ সন্তানৰ মুঠ সংখ্যা ৬ টি।

কাশীৰাম কল’নীৰ স্থানীয় বাসিন্দাসকলে প্ৰকাশ কৰা মতে কোনো দিনে তিনি ভনীৰ মাজত কাজিয়া লগা তেওঁলোকে দেখা নাই।

কৰবা চৌথৰ সময়তো তিনি ভনীয়েকে মিলি জুলি স্বামীৰ দীৰ্ঘায়ূ কামনাৰে ভগৱানক প্ৰাৰ্থনা জনাই আহিছে।

Related News