NORTHEAST NOW (Assamese)
দেশ

হিমাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন: তিনিগৰাকী শ্ৰমিকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2022 7:34 am
Landslide in Himachal

হিমাচল প্ৰদেশৰ চোলান জিলাত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ ভূমিস্খলন। জিলাখনৰ ভেৰে কা খেচ নামৰ এখন গাঁৱত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হয়।

এই ভয়াৱহ ভূমিস্খলন গাঁওখনত চলি থকা এক নিৰ্মাণ খণ্ডত সংঘটিত হয়। ভূমিস্খলনত খহি পৰা মাটিৰ তলত পোঁত যোৱাৰ ফলত শ্ৰমিক তিনিগৰাকীৰ মৃত্যু হয়।

ভূমিস্খলনৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীসহ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় বাসিন্দাসকলেও আৰক্ষীক উদ্ধাৰ অভিযানত সহায় আগবঢ়ায়।

 

ইতিমধ্যে নিহত শ্ৰমিক তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে। নিহত শ্ৰমিক তিনিগৰাকীক ক্ৰমে খেম বাহাদুৰ, মহিন্দৰ আৰু মন বাহাদুৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি ভূমিস্খলনত প্ৰাণ হেৰুওৱা তিনিওগৰাকী শ্ৰমিকেই নেপালৰ নাগৰিক।