NORTHEAST NOW (Assamese)
অসম

চাৰি চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে অসমৰ ৮৩ হাজাৰ হেক্টৰ ভূমি : বিধানসভাত বিস্ফোৰক তথ্য মন্ত্ৰী অতুল বৰাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2025 5:51 pm

অসমৰ প্ৰায় ৮৩ হাজাৰ হেক্টৰ ভূমি দখল কৰি আছে চুবুৰীয়া চাৰিখন ৰাজ্যই। বুধবাৰে বিধানসভাত এই তথ্য দাখিল কৰে অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই

ভূমি বেদখল কৰা চাৰিখন ৰাজ্য হল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰাম।

কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে ১৮খন জিলাৰ ৮২,৭৫১.৮৬ হেক্টৰ মাটি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে বেদখল কৰিছে।

ইয়াৰে ৫৯,৪৯০.২১ হেক্টৰ মাটি দখল কৰি আছে নাগালেণ্ডে। মেঘালয়ে দখল কৰি আছে ৩,৪৪১.৮৬ হেক্টৰ মাটি

অৰুণাচল প্ৰদেশে ১৬,১৪৪.০১ হেক্টৰ মাটি বেদখল কৰাৰ বিপৰীতে ৩,৬৭৫.৭৮ হেক্টৰ মাটি মিজোৰামৰ দখলত আছে

বিশেষকৈ শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু যোৰহাটৰ মাটি অবৈধভাবে দখল কৰি আছে চুবুৰীয়া ৰাজ্য সমূহে।