বায়ু সেনাৰ ৩২ গৰাকী প্ৰাক্তন মহিলা বিষয়াৰ নৈতিক বিজয়: লাভ কৰিব সম্পূৰ্ণ পেঞ্চন

অৱশেষত ১২ বছৰ ধৰি চলি থকা ন্যায়িক যুঁজৰ অন্তত বুধবাৰে নৈতিক বিজয় সাব্যস্ত কৰিছে বায়ু সেনাৰ ৩২ গৰাকী মহিলা বিষয়াই। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ে প্ৰাক্তন মহিলা বিষয়া কেইগৰাকীৰ দাবীক স্বীকৃতি প্ৰদান কৰিছে।
গোচৰৰ ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যদিও এই মহিলা বিষয়াসকলে ৫ বছৰৰ বাবে বায়ু সেনাত সেৱা আগবঢ়াইছে, তেওঁলোক সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰী। আদালতে লগতে উল্লেখ কৰে যে এই মহিলা বিষয়াসকলৰ সেৱা ২০ বছৰৰ সেৱাৰ সমপৰ্যায়ৰ আৰু সেয়ে তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।
আদালতে মহিলা বিষয়াসকলে দীৰ্ঘদিন ধৰি চলাই অহা ন্যায়িক যুঁজক যুক্তিসংগত আৰু ন্যায়সঙ্গত আখ্যা দিয়ে আৰু কয় যে বয়স সীমা অতিক্ৰম কৰাৰ বাবে অৱসৰপ্ৰাপ্ত মহিলা বিষয়াসকলক পুনৰ সেৱাত নিযুক্তি দিব নোৱাৰি, কিন্তু তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।
উল্লেখ্য যে এই মহিলা বিষয়াসকলক বায়ু সেনাত পাঁচ বছৰীয়া চমু সেৱা আয়োগৰ অধীনত বাছনি কৰা হৈছিল। কিন্তু বিষয়াসকলে তেওঁলোকৰ সেৱাৰ ম্যাদ বৃদ্ধি কৰিবলৈ দাবী জনাইছিল।
কিন্তু তেওঁলোকৰ এই দাবীৰ পিছতো সেৱাৰ ম্যাদ সম্প্ৰসাৰিত কৰা হোৱা নাছিল আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছিল। ইয়াৰ বিৰুদ্ধাচৰণ কৰি মহিলা বিষয়া কেইগৰাকী দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।
অৱশেষত ১২ বছৰ ধৰি চলি থকা আইনী যুঁজৰ অন্তত কালি আদালতে মহিলা বিষয়া কেইগৰাকীৰ পক্ষত গোচৰৰ ৰায় প্ৰদান কৰে। ৰায় প্ৰদানৰ সময়ত উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ২০২০ বৰ্ষৰ ববিতা পুনিয়াৰ আদেশৰ কথা উল্লেখ কৰে।
উল্লেখ্য যে ২০২২ বৰ্ষৰ এই ববিতা পুনিয়াৰ আদেশে সেনাবাহিনীত মহিলাসকলৰ বাবে বৈষম্যমূলক নিযুক্তি প্ৰথাৰ দিশটোক আঙুলিয়াই দিছিল। সেনাবাহিনীৰ মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য পদৰ পৰা বাদ বঞ্চিত কৰা হৈছে বুলি এই আদেশে কঠোৰ সমালোচনা কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে সেনাবাহিনীত মহিলা বিষয়াসকলৰ পদমৰ্যাদা আৰু দৰমহা বৃদ্ধিৰ পথ প্ৰশস্ত কৰিছিল। এই নিৰ্দেশৰ পিছতে পূৰ্বৰ ১০ ৰ পৰা ১৪ বছৰৰ সীমাৰ বিপৰীতে মহিলা বিষয়াসকলে সম্পূৰ্ণ কেৰিয়াৰ সেৱা আগবঢ়োৱাৰ বিকল্প পথ লাভ কৰিছিল।
উল্লেখ্য যে, নিজৰ অধিকাৰৰ প্ৰসঙ্গত যুঁজ চলাই যোৱা এই মহিলা বিষয়াসকলৰ ভিতৰত ৩ গৰাকী বায়ু সেনাৰ প্ৰাক্তন বিষয়াৰ পত্নী। এই বিষয়াসকল দেশৰ সেৱাত শ্বহীদ হোৱাৰ পিছত তেওঁলোকৰ পত্নীক নিয়ম অনুসৰি বায়ু সেনাত নিযুক্তি দিয়া হৈছিল।