NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

হেনান প্ৰদেশৰ ফেক্টৰীত ভয়াৱহ অগ্নিকাণ্ড: ৩৬ গৰাকী নিহত, সন্ধানহীন আন দুগৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2022 9:39 pm
fire in China's factory

চীনৰ হেনান প্ৰদেশৰ আনয়াং চহৰত এটা কাৰখানাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ৩৬ জন লোকৰ মৃত্যু হৈছে। এই ভয়াৱহ অগ্নিকাণ্ডত আন দুগৰাকী লোক আহত হোৱা বুলি মঙলবাৰে চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

সোমবাৰে বিয়লি আনয়াং চহৰৰ ৱেনফেং জিলাৰ কাইচিণ্ডা ট্ৰেডিং কো লিমিটেডত এই অগ্নিকাণ্ড সংঘটিত হয়।

স্থানীয় প্ৰশাসনে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ৬০ খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ দলক ততাতৈয়াকৈ কাৰখানাটোলৈ প্ৰেৰণ কৰা হয়।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্ৰকাশিত খবৰ অনুসৰি আজি পুৱালৈকে ঘটনাস্থলীত ৩৬ গৰাকী লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আনহাতে সামান্য আঘাতপ্ৰাপ্ত দুগৰাকী লোকক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

তদুপৰি ঘটনাস্থলীত থকা আন দুগৰাকী ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে বুলি স্থানীয় প্ৰশাসনে সদৰী কৰিছে।

কৰ্তৃপক্ষই এই ষড়যন্ত্ৰমূলক কূটাঘাতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে অগ্নিকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী লোকক জিম্মাত লোৱা হৈছে বুলি জানিব পৰা গৈছে।