NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ জালত ৪ গৰাকী জাল নোট ব্যৱসায়ী; মাৰণাস্ত্ৰ জব্দ

Posted by: নংগী তেৰাং Updated by: নংগী তেৰাং June 4, 2019 9:44 pm

আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সোমবাৰে এক যুটীয়া অভিযান চলাই পশ্চিম কাৰ্বি আংলং আৰু ডবকাৰ পৰা জাল নোট ছপা কৰাৰ সৈতে জড়িত এটা ৪ জনীয়া চক্ৰক আটক কৰিবলৈ সক্ষম হয়।

পশ্চিম কাৰ্বি আংলঙৰ খেৰনি আৰক্ষী আৰু ভাৰতীয় সেনাই চলোৱা উক্ত অভিযানত আটকাধীন লোককেইজনৰ পৰা ৫০০ টকীয়া আৰু ২০০০ টকীয়াৰ মুঠ ২.২৩ লাখ টকা উদ্ধাৰ কৰা হয়।

 

ইয়াৰ উপৰি তেওঁলোকৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ পিস্তল আৰু ৩ জাঁই সক্ৰিয় গুলী জব্দ কৰে।

ধৃত ব্যক্তিকেইজনক জ্ঞান বাহাদুৰ লামা (৩১), নিখিল তেৰাং (১৯), ফইজুল ইছলাম (৪১) আৰু জয়ন্ত সিং(৩৭) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে এক বিশেষ সূত্ৰৰ পৰা খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে প্ৰথমে প্ৰিলু ৰংহাং গাঁৱত অভিযান চলাই জ্ঞান বাহাদুৰ আৰু নিখিল তেৰাঙক আটক কৰে। পিছত তেওঁলোকৰ ভাষ্যৰ ভিত্তিত হোজাই জিলাৰ ডবকাৰ পৰা আন দুজন সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি খেৰনি আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত চলাই আছে।