NORTHEAST NOW (Assamese)

‘নোলাব শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ’, ইয়াৰ চাৰিটা কাৰণ ব্যাখ্যা

February 26, 2020 10:42 am · এন ই নাও নিউজ

এদিনীয়া ক্ৰিকেটৰ প্ৰথমটো দ্বিশতক অৰ্জনৰ অভিলেখ গঢ়ি থোৱা মহান বেটছমেন তথা ‘ক্ৰিকেটৰ ভগৱান’ হিচাপে আখ্যা পোৱা শচীন টেণ্ডুলকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকে।

শচীনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গোৱালিয়ৰত ২০১০ চনৰ ২৪ ফেব্ৰুৱাৰিত এই অভিলেখটো গঢ়িছিল। দহবছৰ পূৰ্বে গঢ়া এই অভিলেখৰ কথা সুঁৱৰি ইনজামামে কিয় শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ জন্ম নহয় তাৰ চাৰিটা কাৰণ ব্যাখ্যা কৰে।

নিজা য়ু টিউব চেনেলত ইনজামামে প্ৰথমটো কাৰণ দাঙি ধৰি কয়, ’১৬-১৭ বছৰ বয়সতে ভয়াবহ বেগী বলাৰ সকলৰ বিৰুদ্ধে সাহসিকতাৰে বেটিং কৰিছিল। এইটো অসাধাৰণ ক্ৰিকেটাৰৰ দ্বাৰাহে সম্ভৱ। অসাধাৰণৰ ওপৰতো যদি কিবা বস্তু আছে তেন্তে সেয়া শচীন’।

শচীনক কিয় ক্ৰিকেটৰ ভগৱান হিচাপে কোৱা হয় তাৰ দ্বিতীয়টো কাৰণ সন্দৰ্ভত হকে কয়, ‘ৰান সংগ্ৰহৰ ক্ষমতা আৰু কোনেও ভাবি নোপোৱা অভিলেখ গঢ়ি থৈছে। সেই সময়ছোৱাত কোনো খেলুৱৈৰে বৃহৎ সংখ্যক ৰান নাছিল। মহান খেলুৱৈসকলৰ কেৰিয়াৰ ৮-৮.৫ হাজাৰ ৰানতে সামৰণি পৰিছিল’।

‘সেই সময়ছোৱাত কেৱল সুনীল গাভাস্কাৰৰহে ১০ হাজাৰৰ ওপৰত ৰান আছিল। আৰু সেই ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ভাবিছিল। কিন্তু শচীনে সকলো ৰেকৰ্ড ভংগ কৰি দিছে। এতিয়া শচীনৰ ৰেকৰ্ড কোনে ভংগ কৰে তাৰ বাবে মই অপেক্ষাৰত’। ইনজামামৰ মন্তব্য।

মানসিক শক্তি শচীনৰ তৃতীয়টো ডাঙৰ গুণ আছিল বুলি উল্লেখ কৰি ইনজামামে কয়, ‘মানসিকভাৱে অত্যন্ত শক্তিশালী। এনেদৰে কোৱাৰ কাৰণ হৈছে, শচীনে যেতিয়াই বেট ধৰিব আহে তেওঁৰ ওপৰত সাংঘাটিকভাৱে মানসিক চাপ থাকিবই। কিয়নো তেওঁৰ অসংখ্য অনুৰাগীয়ে প্ৰত্যেকটো ইনিংছতে ৰান কৰাটো বিচাৰে’।

বিশ্বই শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ লাভ নকৰাৰ চতুৰ্থটো কাৰণ তেওঁৰ বলিং বুলি মন্তব্য কৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।

‘তেওঁ লেগ স্পিন, অফ স্পিন, মিডিয়াম পেচত বলিং কৰিব পাৰিছিল। বহু লেগ স্পিনাৰক খেলিছো কিন্তু মই খেলিবলৈ টান পোৱা বলাৰগৰাকী আছিল শচীন। তেওঁ মোক বহুবাৰ আউট কৰিছে’, এইদৰে শচীনৰ বলিঙক প্ৰশংসা কৰে ইনজামামে।

উক্ত অনুষ্ঠানটোতে পাকিস্তানৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ইনজামাম উল হকে শচীনে অৱসৰ ল’ব নালাগিছিল বুলিও মন্তব্য কৰে।

Related News