NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ: চাৰি সন্ত্ৰাসবাদী সদস্য নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2023 6:14 pm
terrorists killed in Jammu-Kashmir

পুনৰ জম্মু-কাশ্মীৰত সূত্ৰপাত হৈছে নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। পুঞ্চ জিলাত সংঘটিত হোৱা এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত চাৰি সন্ত্ৰাসবাদী সদস্য নিহত হয়।

পুঞ্চৰ সুৰনকোটে অঞ্চলৰ সিন্দাৰাহত সেনা-আৰক্ষীৰ যৌথ অভিযানৰ অন্তত এই সংঘৰ্ষ সংঘটিত হয়। বিগত সময়চোৱাত উপত্যকাটোত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ এয়া অন্যতম বৃহৎ সফলতা।

এক টুইট যোগে হোৱাইট নাইট কৰ্পছে এই অভিযানৰ বিষয়ে সদৰী কৰে। এই অভিযানক ‘অপাৰেচন ত্ৰিনেত্ৰ দ্বিতীয়’ হিচাপে নামাকৰণ কৰা হৈছে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত পুঞ্চ জিলাৰ সুৰনকোটে তহচিলৰ সিন্দাৰাহ আৰু মৈদানা গাঁৱৰ ওচৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই যৌথ অভিযান চলোৱা হৈছিল।

অভিযানত চাৰি সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগত চাৰিটা এ কে-৪৭ ৰাইফল, দুটা পিষ্টল আৰু অন্যান্য কিছু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে টুইটটোত।