NORTHEAST NOW (Assamese)
Popular Stories

মৰেল পুলিচিং : গোলাঘাটত এটা সামান্য মোবাইলৰ বাবে মৰিয়াই মৰিয়াই হত্যা যুৱকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2023 5:55 pm
মৰেল পুলিচিং : গোলাঘাটত এটা সামান্য মোবাইলৰ বাবে মৰিয়াই মৰিয়াই হত্যা যুৱকক

গোলাঘাটত মৰেল পুলিচৰ আক্ৰমণৰ বলি হৈ এজন যুৱকে প্ৰাণ হেৰুওৱাৰ মৰ্মান্তিক খবৰ পোহৰলৈ আহিছে।

মোবাইল চুৰিৰ সন্দেহত কুন্দন মুৰা নামৰ এজন যুৱকক প্ৰহাৰ কৰি হত্যা কৰা হয়।

দেওবাৰে গোলাঘাটৰ মৰঙীৰ মিৰি পথাৰ গাওঁত সংঘটিতি হৈছে এই জঘন্য কাণ্ড।

খবৰ অনুসৰি এটা মোবাইল চুৰিৰ সন্দেহত মৃত যুৱকজনক তিনিজন পুৰুষ আৰু এগৰাকী মহিলাৰ দলে বিদ্যুতৰ খুঁটাত বান্ধি অমানৱীয়ভাবে প্ৰহাৰ কৰে। পিছত খুঁটাৰ পৰা খুলি আক্ৰমণকাৰী সকলে তেওঁক বিষাক্ত দ্ৰব্য দি বাসগৃহৰ সমীপতে পেলাই দিয়ে।

তাৰ পিছত কুণ্ডনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

কুণ্ডনৰ পৰিয়ালৰ সদস্যই দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি নুমলীগড় আৰক্ষীয়ে গোচৰৰ সৈতে জড়িত তৰুণ ওৰাং , চাৱন ওৰাং আৰু শান্তি ওৰাং নামৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে।

ইফালে আনজন অভিযুক্ত বসন্ত ওৰাং এই মুহূৰ্তত পলাতক হৈ আছে।