NORTHEAST NOW (Assamese)
অসম

চিকিৎসাৰ বাবে কোটি কোটি টকা ধাৰ লৈছে সামান্থাই! আৰ্থিক সংকটত ভুগিছে নায়িকা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2023 7:23 pm

অসুস্থতাৰ বাবে বৰ্তমান অভিনয়ৰ পৰা আঁতৰি আছে সামান্থা ৰুথ প্ৰভু। যাৰ বাবে তেওঁ ১২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। কিছু দিনৰ পৰাই এনে খবৰ বলীউডত শুনা গৈছে। বৃহস্পতিবাৰে এটা বাতৰিয়ে সেই গুঞ্জনবোৰক নতুনকৈ ইন্ধন যোগাইছে।

শুনা গৈছে যে দক্ষিণৰ জনপ্ৰিয় নায়িকাগৰাকীয়ে চিকিৎসাৰ বাবে ২৫ কোটি টকা ধাৰ লৈছে! দক্ষিণৰেই এগৰাকী প্ৰথম শাৰীৰ তাৰকাৰ পৰা লৈছে এই ধাৰ।

লগতে পঢ়ক: স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

এই খবৰ বিয়পি পৰাৰ লগে লগে সংবাদ মাধ্যমে সামান্থাৰ সৈতে যোগাযোগ কৰে। জানিব পৰা মতে, নায়িকাগৰাকীয়ে এইক্ষেত্ৰত হা-না একো কোৱা নাই।

নায়িকাগৰাকীয়ে নিজেই জনাইছে যে তেওঁ ক্ৰনিক নিউৰ’লজিকেল ডিজিজ মায়’চাইটিছত আক্ৰান্ত। শেহতীয়াকৈ আমেৰিকাত এই ৰোগৰ আধুনিক চিকিৎসা ব্যৱস্থা আছে বুলি জনা গৈছে। সেয়েহে নায়িকাগৰাকীয়ে তালৈ যাব লগা হয়। সেইবাবেই তেওঁ টকা ধাৰলৈ লৈছিল। ঋণ লোৱাৰ কথা নক’লেও সামান্থাই নিজৰ শাৰীৰিক অৱস্থাৰ বিষয়ে মুকলিকৈ কৈছে।

লগতে পঢ়ক: মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ

সামান্থাই কয়, “এতিয়াও মই বেমাৰৰ সৈতে যুঁজি আছো। চিকিৎসকৰ আত্মবিশ্বাস আছে যে মই সম্পূৰ্ণ সোনকালে সুস্থ হৈ উঠিম। মই জীৱনত ভাল-বেয়া দুয়োটাকে দেখিলো। শাৰীৰিক আৰু মানসিকভাৱে বহুবাৰ ভাঙি পৰিছো। প্ৰতিবাৰেই এনে লাগে যেন এই দিনটোৱেই শেষ। পিছৰ দিনটো হয়তো আৰু দেখা নাপাম। কিন্তু জিকি গৈছো। পিছৰ দিনটোত আকৌ নতুনকৈ যুঁজিবলৈ আৰম্ভ কৰিছো। গতিকে মই জানো, এই বেয়া পৰিস্থিতিও পাৰ হৈ যাব।”