NORTHEAST NOW (Assamese)

ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৫৬২ গৰাকী ব্যক্তিৰ ভিতৰত ৪০ গৰাকী আৰোগ্য

March 25, 2020 4:57 pm · এন ই নাও নিউজ
কৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত স্বাস্থ্য পৰীক্ষা

ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ে জনোৱা মতে ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা মুঠ ৫৬২ গৰাকী ব্যক্তিৰ ভিতৰত ৪০ গৰাকী ব্যক্তিয়ে ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত সমগ্ৰ দেশত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল।

ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এই ২১ দিন ঘৰৰ ভিৰতে সোমাই থাকিবলৈ অনুৰোধ কৰাৰ লগতে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে ওলাই আহিলেও সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে আহ্বান জনায়।

আনহাতে, মোদীয়ে নিজৰ ভাষণত দেশে এই ২১ দিন লকডাউন পালন নকৰিলে ২১ বছৰ পিছুৱাই যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সমগ্ৰ দেশৰ লগতে অসমতো জনসাধাৰণে লকডাউন পালন কৰিছে। অসম চৰকাৰে নিজাববীয়াকৈও ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ লকডাউন ঘোষণা কৰিছিল।

Related News