NORTHEAST NOW (Assamese)

নাৰী শক্তি : শাৰী পিন্ধি দৌৰিলে ৪২ কিলোমিটাৰ, ৪১ বছৰীয়া শিক্ষয়িত্ৰীয়ে

April 19, 2023 12:19 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰঙা ৰঙৰ সম্বলপুৰী শাৰীত বিশ্বৰ প্ৰসিদ্ধ এথলিট সকলৰ মাজত জিলিকি উঠিল এগৰাকী ভাৰতীয় নাৰী। শাৰী পিন্ধি মাৰাথান দৌৰ সম্পূৰ্ণ কৰিলে এইগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী তথা দৌৰবিদে।

মহিলাগৰাকীৰ নাম মধুস্মিতা। ঘৰ উৰিষ্যাত। পেছাত শিক্ষয়িত্ৰী।

যোৱা ১৬ এপ্ৰিলত এইদৰেই শাৰী পিন্ধি ব্ৰিটেইনৰ মানচেষ্টাৰত হোৱা মাৰাথান দৌৰত জিলিকি উঠিল মধুস্মিতা। ৪১ বছৰীয়া মধুস্মিতাই ব্ৰিটেইনৰ ‘মানচেষ্টাৰ মাৰাথন ২০২৩’ ত ৪২.৫ কিলোমিটাৰ দৌৰিছিল। ৪ ঘণ্টা ৫০ মিনিটত ৪২.৫ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰে মধুস্মিতাই।

ওড়িশাৰ কেন্দ্ৰপাৰাত জন্মগ্ৰহণ কৰা মধুস্মিতা বৰ্তমান মানচেষ্টাৰৰ বাসিন্দা। মানচেষ্টাৰৰ এখন বিদ্যালয়ত শিক্ষকতা কৰে মধুস্মিতাই।

ইতিমধ্যে শাৰী পিন্ধি দৌৰি থকা মধুস্মিতাৰ ফটো আৰু ভিডিঅ’ অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

নেটিজেনসকলে মধুস্মিতাক প্ৰশংসা কৰিছে। একাংশৰ মতে তেওঁ ওড়িশাৰ গৌৰৱ। আন কোনোবাই কয়, “শাৰী পিন্ধি দৌৰি তেওঁ ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যক চিত্ৰিত কৰাত সফল হৈছে।

কিন্তু এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মধুস্মিতাই বহু মাৰাথন আৰু আল্ট্ৰা মাৰাথনত অংশ লৈছে।

বহুতে মধুস্মিতাক কৈছিল, “শাৰী পিন্ধি দৌৰাটো বৰ কঠিন।এই প্ৰসংগত মধুস্মিতাই কলে, “যি যি কাপোৰত আৰাম পায়, তেওঁ সেই কাপোৰ পিন্ধি দৌৰিব পাৰে।

এতিয়া এইদৰে মধুস্মিতাই বিদেশৰ মাটিত মাৰাথান দৌৰি ভাৰতলৈ সুনাম কঢ়িয়াই অনাটোৱে হাজাৰ হাজাৰ যুৱতী তথা নাৰীক অনুপ্ৰাণিত কৰি তুলিছে।

Related News