NORTHEAST NOW (Assamese)
অসম

চাকৰি হেৰুৱাই ভিক্ষা কৰাৰ অপৰাধত চৌদিয়ে ডিটেনশ্যন চেন্টাৰলৈ প্ৰেৰণ কৰিছে বহু ভাৰতীয়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 2:22 pm
Unemployed-Indians-in-Corona-went-to-Saudi-Arabia-to-beg

কৰ’না সংকটৰ মাজত চৌদি আৰৱত চাকৰি হেৰুৱাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে বহু ভাৰতীয় নাগৰিক।

চৌদিত চাকৰি হেৰুওৱাৰ পাছত পথত ভিক্ষা কৰিবলৈ বাধ্য হৈছে প্ৰায় ৪৫০জন ভাৰতীয়ই। তেওঁলোকক ডিটেনশ্যন চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এই কথা জানিবলৈ দিছে সেই ভুক্তভোগী শ্ৰমিকসকলে।

উক্ত শ্ৰমিকসকল ভাৰতৰ তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, কাশ্মীৰ, বিহাৰ, দিল্লী, ৰাজস্থান, কৰ্ণাটক, হাৰিয়ানা, পঞ্জাৱ তথা মহাৰাষ্ট্ৰৰ বাসিন্দা।

শ্ৰমিকসকলে কৈছে যে ভিক্ষা কৰাৰ বাহিৰে তেওঁলোকে আন কোনো অপৰাধ কৰা নাই। তেওঁলোকক ভাড়াঘৰৰ পৰা উলিয়াই নি ডিটেনশ্যন চেন্টাৰত ৰখা হৈছে।

ডিটেনশ্যনত থকা সকলৰ ভিতৰত ৩৯জন হৈছে উত্তৰ প্ৰদেশৰ বাসিন্দা, ১০জন বিহাৰৰ বাসিন্দা, ৫জন তেলেংগানাৰ বাসিন্দা, মহাৰাষ্ট্ৰ, কাশ্মীৰ তথা কৰ্ণাটকৰ ৪জন আৰু অন্ধ্ৰ প্ৰদেশৰ এজন।

বাতৰি অনুসৰি, বৰ্তমান তেওঁলোক অতি মৰ্মান্তিক অৱস্থাত আছে। চাকৰি হেৰুৱাই পৰিস্থিতিৰ বাধ্যত পৰি পথত ভিক্ষা কৰিবলগীয়া হৈছে। বিগত চাৰি মাহ ধৰি তেওঁলোকে কঠিন পৰিস্থিতিৰ মাজত কটাইছে।

তেওঁলোকে জানিবলৈ দিয়া মতে, পাকিস্তান, বাংলাদেশ,ইন্দোনেছিয়া, শ্ৰীলংকাৰ শ্ৰমিকসকলক দেশলৈ উভতাই পঠিওৱা হৈছে যদিও তেওঁলোক এতিয়াও আৱদ্ধ হৈ আছে।

সমাজকৰ্মী আমজাদ উল্লাহ খানে জানিবলৈ দিয়ে যে অনুজ্ঞাপত্ৰ অবিহনে বেছিদিন থকাৰ বাবেই তেওঁলোকক ডিটেনশ্যন চেন্টাৰলৈ নিয়া হৈছে।

তেওঁ ইতিমধ্যে এই সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশ মন্ত্ৰী এছ জয়শংকৰ, অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীক পত্ৰ লিখি এই ৪৫০জন ভাৰতীয়ক দেশলৈ ঘুৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।