NORTHEAST NOW (Assamese)
অসম

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 6, 2022 2:24 pm

পানী খাইতি, গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু দবা খেলুৱৈ অভিভাৱক ফোৰামৰ দ্বাৰা আয়োজিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডৰ শেষত শীৰ্ষ বাছনিৰ পশ্চিমবংগৰ অৰ্পণ দাসে অগ্ৰগতি অব্যাহত ৰাখিছে। অৰ্পণ দাসে চতুৰ্থ ৰাউণ্ডৰ শেষত ৪পইণ্ট সংগ্ৰহ কৰি আছে। দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰ, চতুৰ্থ বাছনিৰ কিষান কুমাৰ আৰু অসমৰ প্ৰদীপ ভূঞা, টানিশা এ আৰ সোম, পদ্ম গগৈয়েও চাৰি ৰাউণ্ডৰ শেষত চাৰি পইণ্টকৈ লাভ কৰি শীৰ্ষ স্থানত আছে। অসমৰ নীলাভজ্যোতি বৰঠাকুৰ আৰু ঋষভ বৰ্মনে সম সংখ্যক ৰাউণ্ডৰ পৰা ৩.৫ কৈ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে।

চতুৰ্থ ৰাউণ্ডৰ খেলত শীৰ্ষ বাছনিৰ অৰ্পণ দাসে অসমৰ নিহাদ ইছলাম হাজৰিকাক পৰাজিত কৰে। আনহাতে দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰে অসমৰ প্ৰানগোবিন্দ পৰাশৰ কাশ্যপক আৰু চতুৰ্থ বাছনিৰ বিহাৰৰে কিষান কুমাৰে অসমৰ ঋতুৰাজ তামুলীক পৰাজিত কৰে। অসমৰ প্ৰদীপ ভূঞাই অসমৰে অবিনাশ পি গগৈক আৰু টানিশা এ আৰ সোমে কমল ডেকাক পৰাজিত কৰি যুটীয়াভাবে শীৰ্ষস্থানত আছে।

নীলাভজ্যোতি বৰঠাকুৰে চিৰ ৰঞ্জন ভূঞাক আৰু ৠষভ বৰ্মনে ছাহজাহান আলিক পৰাজিত কৰি পৰবৰ্তী স্থানত আছে।
প্ৰতিযোগিতা খন ৩জুলাইত আৰম্ভ হৈছে আৰু ৮জুলাইত অন্ত পৰিব।

প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত ৯ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈ আছে। ৬৩জন ফিডে ৰেটেড খেলুৱৈ সহ মুঠ ১৪০ জনখেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতা খনত অসমকে ধৰি বাংলাদেশ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

মুঠ দুই লাখ টকা প্ৰাইজমানি সম্বলিত এই প্ৰতিযোগিতাত বিজয়ী খেলুৱৈজনৈ ৩০,০০০ টকা প্ৰাইজ মানি হিচাপে লাভ কৰিব।

সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এই প্ৰতিযোগিতা খন পৰিচালনা কৰিছে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে।