NORTHEAST NOW (Assamese)

চতুৰ্থ বৰ্গৰ খালী পদ পূৰণ নকৰাৰ বাতৰি সঁচা নহয় : বিত্ত বিভাগ

October 29, 2018 6:39 am · এন ই নাও নিউজ
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

অসম চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমুহ পূৰণ নকৰে বুলি ৰাজ্যৰ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সত্য নহয় বুলি দেওবাৰে এক বিবৃতিযোগে জানিবলৈ দিয়ে।

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ চতুৰ্থ বৰ্গৰ খালী পদসমুহ পুৰণ নকৰি পদসমূহ নিচিহ্ন কৰিব ওলোৱা বুলি কেইবাটাও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ উপৰিও চৰকাৰে এই পদসমুহ বহিঃউৎসযোগে পুৰণ কৰা বুলিও বাতৰিত প্ৰকাশ পাইছিল।

এই বাতৰিৰ পাচত দেওবাৰে এই সন্দৰ্ভত স্পষ্টীকৰণ দি এই বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি কয় অসম চৰকাৰৰ বিত্ত বিভাগে। এই সন্দৰ্ভত বিভাগটোৰ প্ৰধান সচিৱে কয়, ‘’২০১৬ চনৰ মে মাহৰ পৰা ২০১৮ চনৰ মাৰ্চ মাহলৈকে সৰ্বমুঠ ৩৭১১ টা চতুৰ্থ বৰ্গৰ খালী পদ পুৰণ কৰা হৈছে।‘’

ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ ৩১৮ টা চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে বিত্ত বিভাগে অনুমোদন জনোৱা বুলিও এই স্পষ্টীকৰণত প্ৰকাশ পায়।

বিত্ত বিভাগে এই স্পষ্টীকৰণযোগে ৰাইজক এনেধৰণৰ ভিত্তিহীন বাতৰিৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও আহ্বান জনায়।

Related News