NORTHEAST NOW (Assamese)

বোকাখাতত ৫০ বস্তা অবৈধ সাঁচি কাঠেৰে সৈতে বলেৰ’ পিক আপ ভান জব্দ

October 25, 2019 7:45 am · উত্তম শইকীয়া
সাঁচি কাঠেৰে সৈতে জব্দ কৰা বলেৰ' পিক আপ ভানখন। ফটো: নৰ্থইষ্ট নাও

বোকাখাত আৰক্ষীৰ ভ্ৰাম্যমান তহলদাৰী দলে বৃহস্পতিবাৰে পুৱতি নিশা বোকাখাত নগৰৰ সমীপৰ লতাবাৰীত অবৈধ সাঁচি কাঠৰে সৈতে এখন বলেৰ’ পিক আপ ভান জব্দ কৰে ৷

দেৰগাওঁৰ পৰা নগাওঁলৈ গৈ থকা অৱস্থাত আৰক্ষীৰ দলটোৱে গাড়ীখন জব্দ কৰে ৷

গাড়ীখনত ৫০ বস্তা সাঁচি কাঠ উদ্ধাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ অভিযান কালত গাড়ীখনৰ চালক জনে গাড়ী এৰি পলায়ন কৰে৷

কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা এই ৫০ বস্তা সাঁচি কাঠসহ এ এছ ০৩ বি চি – ৭৮৯৭ নম্বৰৰ বলেৰ’ গাড়ীখন পাছত বোকাখাত বনাঞ্চলৰৰ বনাঞ্চলিক বিষয়াৰ হাতত অৰ্পণ কৰে বোকাখাত আৰক্ষীয়ে ৷

কাঠসহ বলেৰ’ গাড়ীখন সম্প্ৰতি বনাঞ্চলিক বিষয়াৰ জিম্মাত আছে ৷

যোৰহাটত পঞ্জীয়ন কৰা বলেৰ’ পিকআপ ভানখন জনৈক আব্দুল মান্নানৰ বুলি জানিব পৰা গৈছে ৷

Related News