NORTHEAST NOW (Assamese)
অসম

ঐতিহ্যমণ্ডিত কচুবাৰী মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২১ বৰ্ষীয় গৰখীয়া সবাহৰ সামৰণি

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 29, 2021 2:24 pm
Dipakl

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কচুবাৰীস্থিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২১ বৰ্ষীয় গৰখীয়া সবাহৰ কালি সফল সামৰণি পৰে।

২৪ মাৰ্চৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত এই গৰখীয়া  সবাহ লোকে লোকৰণ্য হৈ পৰে।

বিভিন্ন ধৰ্মীয় আৰু আধ্যাত্মিক।পৰিবেশত অনুষ্ঠিত এই সবাহলৈ স্থানীয় অঞ্চলৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ ভকত ৰাইজ উপস্থিত হয়।

ধৰ্মীয় অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানে অনন্য মাত্ৰা দি আহিছে কচুবাৰীস্থিত মহাপ্ৰভু গোপাল।আৰু জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহ।

প্ৰবাদ আছে যে এই গৰখীয়া সবাহত ভক্তসকলে আহি গোপাল আৰু জগন্নাথ থান সত্ৰত সেৱা জনালে মানোকামনা পূৰ্ণ হয়।

সেই বাবেই এই গোপাল আৰু জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহলৈ প্ৰতি বছৰে হেজাৰ হেজাৰ ভক্তৰ সমাগম হয়।