NORTHEAST NOW (Assamese)

গাই গৰুৰ সৈতে ‘অপ্ৰাকৃতিক যৌন সম্পৰ্ক’ত লিপ্ত ৫৫বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ

July 9, 2020 3:16 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

এটা গাই গৰুৰ সৈতে যোৱা ৪ জুলাইত অপ্ৰাকৃতিক যৌন সম্পৰ্কত লিপ্ত হোৱাৰ অভিযোগত ভূপালত এজন ৫৫ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, গোশালাৰ মালিকে আৰক্ষীক দাখিল কৰা চি চি টিভি ফুটেজৰ পাছত বুধবাৰে লোকজনক গ্ৰেপ্তাৰ কৰা হয়।

অশোকা গাৰ্ডেন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এ শ্ৰীবাস্তৱে কয় যে সুন্দৰ নগৰৰ এটা গোশালাত গাই গৰু এটাৰ সৈতে অপ্ৰাকৃতিক যৌন সম্পৰ্কত লিপ্ত হোৱা চিচিটিভি ফুটেজত প্ৰত্যক্ষ কৰাৰ পাছত লোকজনক গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি, যোৱা ৪ জুলাইৰ পুৱা প্ৰায় ৪বজাত লোকজনে সুন্দৰ নগৰৰ গোশালালৈ গৈ এটা গাই গৰুৰ সৈতে অপ্ৰাকৃতিক যৌন সম্পৰ্কত লিপ্ত হৈছিল।

‘’অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ পৰৱৰ্তী তদন্ত চলি আছে,’’-আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Related News