NORTHEAST NOW (Assamese)

অসমত আৰু ৪১গৰাকী ক’ভিড মুক্ত, মুঠ আৰোগ্য ৫৮৮লৈ বৃদ্ধি

June 6, 2020 7:52 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

আৰু ৪১গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড-১৯ মুক্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

শেহতীয়াকৈ মুকলি কৰাসকলৰ মাজত আছে নগাঁৱৰ জিলা চিকিৎসালয়ৰ দহ, জি এম চি এইচৰ আঠ, জে এম চি এইচৰ সাত, টি এম চি এইচৰ সাত, নলবাৰীৰ জিলা চিকিৎসালয়ৰ পাঁচ আৰু কৰিমগঞ্জৰ জিলা চিকিৎসালয়ৰ চাৰিগৰাকী ব্যক্তি।

এইসকলক ধৰি অসমত এতিয়ালৈকে ক’ভিড-১৯ মুক্ত ব্যক্তিৰ সংখ্যা ৫৮৮লৈ বৃদ্ধি পাইছে।

আনহাতে, এইসকল ব্যক্তি আৰোগ্য হোৱাৰ ফলত অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ১৮০২লৈ হ্ৰাস পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

তেওঁ জনায় যে এইসকল ব্যক্তিৰ দুবাৰকৈ নমুনা পৰীক্ষাত নিগেটিভ দেখুওৱাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হৈছে।

ইফালে ৭৩গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত শনিবাৰে মুঠ আক্ৰান্ত ২৩৯৭লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে ধুবুৰীৰ ২১, ডিমা হাচাওৰ ১২, গোৱালপাৰাৰ ছয়, হাইলাকান্দিৰ পাঁচ, কামৰূপৰ পাঁচ, বিমান বন্দৰৰ চাৰি, পশ্চিম কাৰ্বি আংলঙৰ চাৰি, গোলাঘাটৰ চাৰি, ধেমাজিৰ তিনি, কাছাৰৰ দুই আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল, ৰঙাপাৰা, কাৰ্বি আংলং, নগাওঁ, চৰাইদেউ, কৰিমগঞ্জ আৰু শিৱসাগৰৰ এগৰাকীকৈ ব্যক্তি।

অসমত এতিয়ালৈকে ক’ভিড ৰোগত চাৰিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

Related News