NORTHEAST NOW (Assamese)
Popular Stories

কেৰেলাৰ গৰ্ভৱতী হাতীৰ হত্যা : ১ জনক গ্ৰেপ্তাৰ, মেনকা গান্ধীৰ বিৰুদ্ধেও এজাহাৰ দাখিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 8:08 pm
elephant

কেৰেলাৰ পলক্কড়ত গৰ্ভৱতী হাতীৰ হত্যাৰ অভিযোগত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত লোকজনৰ নাম উইলচন। তেওঁ এখন ৰবৰ বাগিচাত কৰ্মৰত বুলি জানিব পৰা গৈছে।

তদন্তকাৰী এটা সূত্ৰই প্ৰকাশ কৰিছে যে ধৃত লোকজনে বিস্ফোৰকখিনিৰ যোগান ধৰিছিল।

‘অভিযুক্তজন এখন ৰবৰ বাগিচাত কাম কৰে। ঘটনাত আৰু কেবাজনো জড়িত আছে। তেওঁলোকৰ সন্ধানত অভিযান চলাই থকা হৈছে।’ পলক্কড় আৰক্ষী প্ৰধান জি শিৱ বিক্ৰমে কয়।

ইফালে পলক্কড় গৰ্ভৱতী হাতীজনীৰ মৃত্যুকলৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে।

প্ৰাক্তন কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী মেনকা গান্ধীৰ ভূমিকাক লৈ সৰৱ হৈছে পৰিৱেশকৰ্মীসকল।

প্ৰাক্তন কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী মেনকা গান্ধীয়ে পলক্কড়ৰ উক্ত ঘটনাটো উদ্দেশ্যপ্ৰণোদিতভাৱে মল্লপুৰমৰ বুলি মন্তব্য কৰা বুলি দাবী কৰি এজন আইনজীৱীয়ে ইতিমধ্যে মেনকা গান্ধীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে।

আইনজীৱীজনে অভিযোগ কৰিছে যে, মেনকা গান্ধীয়ে মল্লপুৰমৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে ঘৃণা বিয়পাইছে।

ইফালে হাতীজনীৰ মৃত্যুৰ পিছত বহু পৰিৱেশ কৰ্মী বিজেপিৰ লগতে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰিৱেশ নীতিক সমালোচনা কৰিছে।

তেওঁলোক অভিযোগ কৰি কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে উন্নয়নৰ নামত প্ৰতিদিনে লক্ষ্য লক্ষ্য হেক্টৰ অৰণ্য ভূমি ধ্বংস কৰি আহিছে।

বিগত বৰ্ষত দীৰ্ঘদিন প্ৰতিনিধিত্ব কৰি অহা নিজ লোকসভা সমষ্টিত কেমেৰাৰ সন্মুখতে এটা বাঘক হত্যা কৰোতে মেনকা গান্ধীয়ে নিশ্চূপ হৈ আছিল। আনকি এজন বিজেপি বিধায়কে আৰক্ষীৰ এটা ঘোঁৰা হত্যা কৰাৰ সময়তো মেনকা গান্ধীয়ে মৌনতা অৱলম্বন কৰাৰ অভিযোগ কৰিছে পৰিৱেশকৰ্মীসকলে।