NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ প্রাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰূদ্ধে তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ এ পি ডব্লিউৰ

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া May 20, 2020 11:03 am

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ নামত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্রতীক হাজেলাই উইপ্রোৰ সহযোগত বিয়াগোম দুৰ্নীতি কৰি অহা বুলি দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।

হাজেলাৰ বিৰুদ্ধে বহুবাৰ চি আই ডিত এজাহাৰ দাখিলৰ পাছতো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সভাপতি অভিজিত শৰ্মাই।

“অসমৰ এন আৰ চিৰ উন্নীতকৰণৰ অচিলা লৈ তেতিয়াৰ এন আৰ চি ৰ সমন্বয়ক প্রতীক হাজেলাই উইপ্রোৰ সহযোগত যি বিয়াগোম দুর্নীতি সংঘটিত কৰিছিল সেই সম্পৰ্কত এখনৰ পিচত এখনকৈ এজাহাৰ দি আমি চৰকাৰক অৱগত কৰি আহিছো তথা সঠিক তদন্ত বিচাৰি আছো,’’ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে শৰ্মাই।

ইপিনে, আজিৰ দিনত আসম পাব্লিক ৱর্কছে একমাত্ৰ এন আৰ চিৰ দুর্নীতিৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাবে যুজ চলাই আহিছে বুলি শৰ্মাই লগতে দাবী কৰে।

“উপযুক্ত তথ্য দি এজাহাৰ দাখিলৰ পাচতো কেন্দ্ৰীয় বা ৰাজ্যিক কোনো এটি তদন্তকাৰী সংস্থাই ইয়াক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰা আমাৰ দৃষ্টিগোচৰ নহ’ল । চি বি আই,  চি আই ডি আদি সংস্থাই ইয়াক তিলমানো গুৰুত্ব প্রদান কৰা আমাৰ দৃষ্টিগোচৰ নহল,” তেওঁ পুনৰ কয়।

আনকি যথেষ্ট তথ্য দি এজাহাৰ দাখিল কৰাৰ পাছতো সামান্য ভাষ্য এটা লবলৈও আজিলৈ আমাক নিমন্ত্ৰণ নজনোৱা কাৰ্যত চৰকাৰৰ স্থিতি সন্দৰ্ভত  সন্দেহ প্রকাশ কৰে সভাপতিগৰাকীয়ে।

এই সমগ্ৰ স্থিতিত সন্দেহৰ বীজ ৰাখিও এন আৰ চিৰ সংঘটিত হোৱা দুর্নীতিৰ ওপৰত পুনৰ কালি সংগঠনটোৱে এখন এজাহাৰ চি বি আইৰ ওচৰত দাখিল কৰে।

এজাহাৰ সম্পৰ্কে উল্লেখ কৰি শৰ্মাই কয়, “এই এজাহাৰখনত M/S WIPRO LTD.  আৰু এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হাজেলাৰ সখা-মিতিৰালিয়ে কেনেকৈ চৰকাৰী ধনৰ সৰাধ কৰি ব্যক্তিগত প্রতিষ্ঠানক অনিয়মেৰে ধন ঘটাৰ পথ মুকলি কৰি দিছিল সেই তথ্য দাখিল কৰা হৈছে।”

‘‘ছফ্টৱেৰ সংস্থাপনৰ নামত, জেনেৰেটৰ সংস্থাপনৰ নামত হকে-বিহকে চহী কৰি যিবোৰ ৱ’ৰ্ক অর্ডাৰ হাজেলাই প্রতিস্হানটোক দিছিল সেইবোৰ অত্যন্ত সন্দেহজনক আৰু যাবতীয় পৰীক্ষা-নিৰীক্ষা অবিহনেই সেইবোৰৰ বিপৰীতে কোটি কোটি টকাৰ বিল আদায় দিয়া হৈছিল । এনে বহু সন্দেহজনক ৱ’ৰ্ক অর্ডাৰ আমাৰ হাতত মজুত আছে।”

ইপিনে, এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে পুংখানুপুংখভাৱে তদন্ত কৰিলে সমগ্র অনিয়ম ধৰা পৰিব বুলিও তেওঁ দাবী কৰে।

চৰকাৰলৈ অনুৰোধ জনাই শৰ্মাই কয় “গুৰুত্ব দিয়া নিদিয়া আপোনালোকৰ কথা,  আমি আমাৰ কাম কৰি যাম,  সময়ে এদিন সকলো অনিয়মৰ বিচাৰ কৰিব।”