NORTHEAST NOW (Assamese)

টীয়কত ৬ নিৰাপত্তাৰক্ষী কভিড১৯ পজিটিভ : সংশয় নামিছে টীয়ক নগৰলৈ

July 25, 2020 3:19 pm · নীৰ্মলেন্দু পাঠক
প্ৰতিনিধিত্বমূলক ফটো।

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষতে ৰাজহুৱা প্ৰেক্ষাগৃহত ছাউনি পাতি থকা সীমান্ত নিৰাপত্তা বাহিনীৰ ছজন জোৱানৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰিছে।

জোৱান কেইজনৰ শৰীৰত কোঊইড১৯ ধৰা  পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চ্যলৰ সৃষ্টি হৈছে।

ছাউনিটোত থকা মুঠ দহজন জোৱানৰ ভিতৰত ছজনৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰাৰ পাছত ছয়জনকে কালি সন্ধ্যা কোৱান্টাৰাইন কক্ষলৈ প্ৰেৰণ কৰিছে।

ইয়াৰ পিছতে ছাউনি হিচাপে ব্যৱহাৰ কৰা প্ৰেক্ষাগৃহটো বন্ধ কৰি দিছে প্ৰশাসনে।

উল্লেখযোগ্য যে ছাউনিটোত থকা আন নিৰাপত্তাৰক্ষী কেইজন কাষৰে এটা কক্ষত বৰ্তমান আশ্ৰয় লৈ আছে।

ইপিনে দেহত কভিড১৯ পজিটিভ ধৰা পৰা নিৰাপত্তাৰক্ষীসকলে টীয়ক নগৰৰ জনসমাগম হোৱা স্থানসমূহত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল।

স্বাভাৱিকতে বহুলোকৰ সংস্পৰ্শলৈ আহিছিল এই জোৱানকেইজন। সেয়ে এতিয়া টীয়কত সৃষ্টি হৈছে ব্যাপক সংশয়।

Related News