NORTHEAST NOW (Assamese)

নেপালত ভয়ংকৰ ভূমিকঁম্প :: ৬ জন নিহত

November 9, 2022 11:22 am · নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক
Updated: November 9, 2022 11:30 am

বুধবাৰে পুৱতি নিশা নেপালত এক ভয়ানক ভূমিকঁম্পত কেইবাজনো লোকৰ মৃত্যু হয়। জানিব পৰা মতে এতিয়ালৈকে ভূমিকঁম্পত নিহত ব্যক্তিৰ সংখ্যা ৬ জন। আনহাতে ৫ জনকৈ লোক গুৰুত্বৰ ভাবে আহত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

ভূমিকম্প নিৰীক্ষণ সংস্থা নেশ্যনেল ছিছমলজিকেল চেণ্টাৰে জনোৱা মতে, বুধবাৰে পুৱা  ২:১২ বজাত ভূমিকম্পটো সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল খাপ্তদ ৰাষ্ট্ৰীয় উদ্যান।

ডোটি জিলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ভোলা ভট্টাই জানিবলৈ দিয়া মতে, নিহত ছয়জনৰ ভিতৰত চাৰিজন শিশু। ইয়াৰ ভিতৰত আছে এজন ৮ বছৰীয়া লৰা আৰু দুগৰাকী ১৩ বছৰীয়া আৰু ১৪ বছৰীয়া ছোৱালী। আনহাতে মৃত্যু হোৱা আন দুজনৰ ভিতৰত আছে এগৰাকী ৪০ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া পুৰুষ।

নেপালৰ বাহিৰেও ভাৰতৰ ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ কিছু অঞ্চলত ভূমিকম্পৰ অনুভূত হৈছিল বুলি জানিব পৰা গৈছে।

Related News