ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচুড়ে

ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচুড়ে। চমুকৈ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় হিচাপে পৰিচিত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত মুখ্য ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায়।
উল্লেখ্য যে বিদায়ী মুখ্য ন্যায়াদীশ ইউ ইউ ললিতে ১১ অক্টোবৰত ন্যায়াধীশ চন্দ্ৰচুড়ৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে অনুমোদন কৰিছিল। চিজেআই হিচাপে ন্যায়াধীশ চন্দ্ৰচুড়ে ২০২৪ চনৰ ১০ নৱেম্বৰলৈকে অৰ্থাৎ দুবছৰতকৈ অধিক দিন কাৰ্যনিৰ্বাহ কৰিব। শেহতীয়া সময়ত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে চন্দ্ৰচূড়েই দীৰ্ঘদিনীয়া দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিব।
প্ৰণিধানযোগ্য যে ন্যায়াধীশ চন্দ্ৰচুড়ৰ পিতৃ ন্যায়াধীশ ৱাই ভি চন্দ্ৰচুড়ো দেশৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ পিতৃয়ে ১৯৭৮ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে ভাৰতৰ ১৬ সংখ্যক মুখ্য ন্যায়াধীশ আছিল।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় তেওঁৰ উদাৰ আৰু প্ৰগতিশীল বিচাৰৰ বাবে পৰিচিত, শেহতীয়াকৈ অবিবাহিত মহিলাসকলে ২৪ সপ্তাহলৈকে গৰ্ভপাত কৰাৰ অধিকাৰৰ ৰায়দান কৰিও চন্দ্ৰচূড়ে প্ৰগতিশীলতাৰ পৰিচয় দিছিল। আনকি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় সন্মতিসূচক সমকামিতাক অপৰাধমুক্ত কৰা আৰু ২১ নং অনুচ্ছেদৰ অধীনত গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা সাংবিধানিক বিচাৰপীঠৰো সদস্য আছিল। তেওঁ সকলো বয়সৰ মহিলাৰ সবৰীমালা মন্দিৰত প্ৰৱেশৰ অধিকাৰ প্ৰদান কৰাৰ ৰায় প্ৰদানতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অযোধ্যা-বাবৰি মছজিদ গোচৰৰ সিদ্ধান্ত লোৱা ৫ জনীয়া বিচাৰপীঠৰ সদস্যও আছিল ন্যায়াধীশ চন্দ্ৰচুড়।
২০১৬ চনৰ ১৩ মে’ত ন্যায়াধীশ চন্দ্ৰচুড়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে ২০০০ চনৰ ২৯ মাৰ্চত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ পৰাই তেওঁৰ ন্যায়িক কেৰিয়াৰ আৰম্ভ হয়। ১৯৯৮ চনৰ পৰা ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা সময়লৈকে তেওঁ ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯৮ চনত বম্বে উচ্চ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰিছিল। ন্যায়াধীশ চন্দ্ৰচুড়ে নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল’ চেণ্টাৰৰ পৰা এল এল বি আৰু আমেৰিকাৰ হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা এল এল এম ডিগ্ৰী আৰু ফৰেনছিক বিজ্ঞান (এছ জে ডি)ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।