NORTHEAST NOW (Assamese)

ৰাজ্যত বন্ধ হ‘ল ৬০০ খন মাদ্ৰাছা : মুখ্যমন্ত্ৰী ডঃ শৰ্মা

March 17, 2023 7:12 pm · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে দাবী কৰে যে তেওঁ ৰাজ্যৰ ৬০০খন মাদ্ৰাছা বন্ধ কৰি দিছে।

ৰাইজে মাদ্ৰাছাৰ পৰিৱৰ্তে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বিচৰাৰ বাবেই ৰাজ্যৰ সকলো সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ কথা চিন্তা কৰিছে বুলি উল্লেখ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

চলিত বৰ্ষৰ জানুৱাৰী মাহত শৰ্মাই কৈছিল যে অসম চৰকাৰে প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মাদ্ৰাছাৰ সংখ্যা হ্ৰাস কৰিব বিচাৰিছে। পৰৱৰ্তী সময়ত ৰাজ্যৰ গোটেইবোৰ মাদ্ৰাছা বন্ধ কৰাৰ কথা ভাবিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাবে মুছলমান সমাজৰ লগত কথা বতৰা আগবাঢ়িছে বুলিও সদৰী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই

১৬ মাৰ্চত কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচনী সভাত ভাষণ দি শৰ্মাই অভিযোগ কৰে যে বাংলাদেশৰ পৰা অসমলৈ মানুহ আহি ইয়াৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে।

শৰ্মাই কয় – “বাংলাদেশৰ পৰা মানুহ অসমলৈ আহে আৰু আমাৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰে। সেয়ে আমি ইতিমধ্যে ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছোঁ আৰু আমি মাদ্ৰাছা নিবিচাৰোঁ বাবে সকলো মাদ্ৰাছা বন্ধ কৰাৰ মনস্থ কৰিছোঁ। আমি স্কুল, কলেজ আৰু বিশ্ববিদ্যালয় বিচাৰোঁ।’

বিগত বছৰত বাংলাদেশৰ আল কায়দাৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে অসমৰ মাদ্ৰাছাও জড়িত হৈ পৰিছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। 

চোৰাংচোৱাৰ তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০১৭ চনৰ ভিতৰত বাংলাদেশৰ পৰা কমেও ছয়জন এবিটি সদস্যই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি স্থানীয় যুৱকযুৱতীসকলক “জেহাদী” মতাদৰ্শৰ বিষয়ে জ্ঞান দিছিল বুলি শৰ্মাই দাবী কৰিছে।

Related News