NORTHEAST NOW (Assamese)

কেৰালাত ৬৫ লাখ লোক আক্ৰান্ত হ’ব পাৰে কৰ’না ভাইৰাছত; মুখ্য ন্যায়াধীশলৈ আই এম এৰ পত্ৰ

March 17, 2020 7:33 pm · এন ই নাও নিউজ
Updated: March 17, 2020 7:36 pm
কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে স্প্ৰে কৰি থকা অৱস্থাত

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন(আই এম এ)ৰ কোচিন ব্ৰাঞ্চে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখি কেৰালাত ৬৫ লাখ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে।

ডাইমণ্ড প্ৰিঞ্চেছ ক্ৰুইজ জাহাজত থকা ৩৭০০ গৰাকী যাত্ৰীৰ ভিতৰত ৭০০ গৰাকী লোক কৰ’না ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে পত্ৰখনত।

কেৰালাত প্ৰায় ৬৫ লাখ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হ’ব পাৰে বুলি উল্লেখ কৰি আই এম এ ইয়াৰ বাবে ৰাজ্যখনত মুঠ ২.৩৫ লাখ আই চি য়ু বিচনাৰ প্ৰয়োজন হ’ব বুলিও উল্লেখ কৰে।

ভাৰতত বৰ্তমান কৰ’না ভাইৰাছৰ দ্বিতীয় ষ্টেজ চলি আছে বুলি ভাৰতীয় চিকিৎসা গৱেষণা বোৰ্ডৰ মুখ্য নিৰ্দেশক বলৰাম ভাৰ্গৱে কয়।

আনহাতে, ভাৰতত বৰ্তমানলৈ ৭২ টা কাৰ্য্যক্ষম হৈ থকা কৰ’না ভাইৰাছ চিনাক্তকৰণ পৰীক্ষাকেন্দ্ৰ আছে বুলিও ভাৰ্গৱে লগতে কয়।

অসমত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিমান বন্দৰ, বিভিন্ন ৰেল ষ্টেশ্যন সমূহত নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যৰ সকলো জিলা উপায়ুক্ত সকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

অসমত বৰ্তমানলৈ এজনো কৰ’না ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হোৱা নায়।

Related News