NORTHEAST NOW (Assamese)
অসম

চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2022 6:05 pm
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ

চত্তীশগড়ৰ বাস্তৰ জিলাৰ এটা চূণশিল খনিত স্খলনৰ ফলত কমেও ৭ জন শ্ৰমিকৰ মৃত্যু হৈছে। নিহত শ্ৰমিকসকলৰ ভিতৰত ৬ গৰাকী মহিলাও আছে। ইফালে খনিৰ ভিতৰত আবদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নগনাৰ আৰক্ষী থানাৰ মালগাঁৱৰ সমীপৱৰ্তী জিলা জগদলপুৰৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত থকা চূণশিলৰ শিলৰ কুৱেৰীটোত শুকুৰবাৰে হঠাতে স্খলন ঘটে।

 

লগতে  পঢ়ক যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?

স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনা খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে আৰ্থ মুভাৰ (জেচিবি) মেচিনেৰে ধ্বংসাৱশেষবোৰ আঁতৰোৱাৰ কাম আৰম্ভ কৰে।

বাস্তৰ জিলা আৰক্ষীয়ে জনোৱা মতে, খনন কামৰ সময়ত হঠাতে গাঁতৰ এটা অংশ ভাঙি পৰে। ইয়াৰ তলত ৫ জন লোকৰ মৃত্যু হয়। স্থানীয় গাঁওবাসীয়ে ধ্বংসাৱশেষ আঁতৰাই দুজন শ্ৰমিকক উদ্ধাৰ কৰে। কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথত আহত শ্ৰমিক দুজনৰ মৃত্যু ঘটে।