NORTHEAST NOW (Assamese)
অসম

সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2022 7:09 pm

ৰঙা চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ। এই দাবী কৰিছে চীনক চিৰ প্ৰতিদ্বন্দ্বী বুলি জ্ঞান কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই।

আমেৰিকাৰ কংগ্ৰেছত দাখিল কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে দেশখনৰ প্ৰতিৰক্ষা বিভাগে এই দাবী কৰিছে। পেন্টাগনৰ শীৰ্ষ বিষয়াসকলৰ মতে, যোৱা বছৰৰ পৰা চীনে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ হাতত বৰ্তমান ৪০০ৰো অধিক পাৰমাণৱিক অস্ত্ৰ আছে।

যদি তেওঁলোকে এইদৰে পাৰমাণৱিক অস্ত্ৰৰ মজুত বৃদ্ধি কৰি থাকে, তেন্তে ২০৩৫ চনৰ ভিতৰত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ হাতত কমেও ১৫০০টা পাৰমাণৱিক অস্ত্ৰ মজুত থাকিব। যিটো বৰ্তমানৰ সংখ্যাতকৈ প্ৰায় তিনিগুণ অধিক হ’ব। একেখন প্ৰতিবেদনতে এই কথাও দাবী কৰা হৈছে যে বেইজিঙে হোৱাইট হাউছৰ বিষয়াসকলক সকীয়াই দিছিল যে আমেৰিকাই যাতে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰত বৰ বেছিকৈ নুসুমোৱায়।

 

লগতে পঢ়ক চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ

উল্লেখ্য, প্ৰতি বছৰে পেন্টাগনে চীনৰ প্ৰতিৰক্ষাৰ প্ৰতিবেদন আমেৰিকাৰ কংগ্ৰেছৰ আগত দাখিল কৰে। তাত কোৱা হৈছে যে ২০২০ চনত বেইজিঙে নিজৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। সেই হিচাপে চীনে অস্ত্ৰ ভাণ্ডাৰ মজুতকৰণ নীতিও সলনি হৈছে।

পেন্টাগনে দাবী কৰিছে যে বৰ্তমানৰ দক্ষিণ চীন সাগৰত পিপলছ লিবাৰেচন আৰ্মীয়ে ব্যৱহাৰ কৰা চাবমেৰিনৰ প্ৰকাৰে এই দাবীক আৰু অধিক শক্তিশালী কৰি তুলিছে। একে সময়তে নাম প্ৰকাশ নকৰা পেন্টাগনৰ এজন শীৰ্ষ বিষয়াই দাবী কৰে যে চীনৰ এই সিদ্ধান্তৰ আঁৰৰ এটা ডাঙৰ কাৰণ হৈছে টাইৱানৰ বিৰুদ্ধে চীনৰ আগ্ৰাসী নীতি।

আমেৰিকাৰ দাবী যে বেইজিঙে সদায় বিশ্ববাসীক কৈ আহিছে যে তেওঁলোকে নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে প্ৰয়োজনীয়তকৈ অধিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰে। কিন্তু যোৱা বছৰৰ পৰা তেওঁলোকৰ অস্ত্ৰভাণ্ডাৰত বৃহৎ সংখ্যক পাৰমাণৱিক অস্ত্ৰ সংযোজন কৰা হৈছে।

 

লগতে পঢ়ক যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?

পেন্টাগনৰ একাংশ বিষয়াই দাবী কৰিছে যে এই সংখ্যা একেবাৰেই আচৰিত নহয়। কাৰণ যোৱা বছৰ প্ৰকাশিত তেওঁলোকৰ প্ৰতিবেদনত কোৱা হৈছিল যে অহা ১০-১২ বছৰত চীনৰ হাতত কমেও ১০০০ টা পাৰমাণৱিক অস্ত্ৰ মজুত থাকিব।

কিন্তু চীনে এই আমেৰিকাৰ প্ৰতিবেদন তথা দাবীৰ পিছত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু পেন্টাগনৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল পেট ৰাইডাৰৰ মতে সমগ্ৰ বিষয়টোৰ ওপৰত চীনৰ স্বচ্ছতাৰ অভাৱেই তেওঁলোকৰ উদ্বেগৰ মূল কাৰণ। “চিন্তাটো হ’ল চীনে যিমানেই নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ সম্প্ৰসাৰণ কৰিব সিমানেই দক্ষিণ চীন সাগৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত ইয়াৰ স্থিতিশীলতা কম হ’ব।” বিষয়াগৰাকীয়ে কয়।